Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ৱহতা

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ৱহতা ।প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৮৫৬ গৰাকী। ইয়াৰ বিপৰীতে সুস্থ হৈ ঘৰলৈ ওভতে ২৪৭৬ গৰাকী। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ৬ গৰাকীৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৮৭,৯০৮ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰে ৬৫,৫৯৬ গৰাকী ৰোগীয়ে। সম্প্ৰতি সমগ্ৰ ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২২,০৮২ গৰাকী লোক। ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ২২৭ গৰাকীৰ।
শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৩৬ হাজাৰ ১৮০ গৰাকীৰ স্বোৱাব টেষ্ট সম্পন্ন কৰে। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ হাৰ ৫.১২ শতাংশ।