Website Design: dastechnologies.in
শোণিতপুৰত ৪ গৰাকী সেনা জোৱান, ২গৰাকী SSB জোৱান , ২গৰাকী ITBP জোৱান আৰু সীমান্ত পথ সংগঠনৰ প্ৰজেক্ট ভৰ্টকৰ এগৰাকী জ্যেষ্ঠ অভিযন্তাকে ধৰি আৰু ১৫গৰাকী ক’ভিড পজিটিভ। শোণিতপুৰত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৫৮ গৰাকীলৈ বৃদ্ধি । বুধবাৰে পূৱাৰ ভাগত ক’ভিড শূন্য তেজপুৰ কভিড হাস্পতালত বিয়লি ৩৪গৰাকী , তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শোণিতপুৰৰ ১৬ গৰাকী আৰু দৰং জিলাৰ ৩৮গৰাকী ক’ভিড পজিটিভ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সামৰিক চিকিৎসালয়ত ৯২জন চিকিৎসাধীন হৈ আছে। বুধবাৰে নিশালৈ শোণিতপুৰত ১৫ জন লোক কৰ’নাত আক্ৰান্ত। ইয়াৰে ১গৰাকী কোৱাৰেন্টাইন চেন্টাৰত থকাৰ বিপৰীতে আন ১৪ গৰাকী প্ৰতিৰক্ষা বিভাগৰ।