Local, Vocal, Global

MIT-ৰ গৱেষণাত ভয়ানক তথ্য

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ Massachusetts institute of technology(MIT)ৰ গৱেষণাত ভয়ানক সকিয়নী ।  কৰ’না ভাইৰাচৰ সম্ভাব্য সংক্ৰমণক লৈ চলোৱা গৱেষণাত উন্মোচিত ভয়াৱহ তথ্য। ২০২১ চনৰ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত ইংৰাজী নববৰ্ষৰ আৰম্ভণীতে ভাৰতত দৈনিক ২.৮৭ লাখকৈ বাঢ়িব আক্ৰান্তৰ সংখ্যা। সমগ্ৰ বিশ্বত চিকিৎসাৰ অভাৱত ২০২১ চনৰ মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত ২০ৰ পৰা ৬০ কোটি পৰ্যন্ত লোক আক্ৰান্ত হ’ব কৰ’নাত। MITৰ চ’লান স্কুল অৱ মেনেজমেন্টৰ গৱেষক হাজিৰ ৰেহমানদাদ,টি ৱাই লিম আৰু জন ষ্টেৰমেনে SEIR (Susceptible, Exposed, Infectious, Recovered)মডেলৰ ভিত্তিত চলাইছিল এই গৱেষণা। ৮০ খন দেশৰ মুঠ বিশ্ব জনসংখ্যাৰ ৬০ শতাংশ লোকক সাঙুৰি লোৱা হৈছিল গৱেষণাটোত। গৱেষণাটোত ওলোৱা ফলাফল অনুসৰি ২০২১ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ শেষলৈ আমেৰিকাক চেৰাই কৰ’নাত সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশত পৰিনত হ’ব ভাৰত। এই সময়চোৱাত ভাৰতত দৈনিক ২.৮৭ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আমেৰিকাত ৯৫ হাজাৰকৈ লোকহে আক্ৰান্ত হ’ব। ভাৰত আৰু আমেৰিকাৰ পিচতে স্থান ল’ব দক্ষিণ আফ্ৰিকা আৰু ইৰাণে। কেমব্ৰীজৰ প্ৰখ্যাত প্ৰতিষ্ঠানটোৰ গৱেষণাত প্ৰকাশ পোৱা এই সম্ভাৱনীয়তাই স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে বিশ্বৰ চিকিৎসা বিজ্ঞানী মহলক।