Sonia Gandhi likely to attend Telangana CM swearing ceremony : ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী উপস্থিত থকাৰ সম্ভাৱনা

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : ৭ ডিচেম্বৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে । বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে । হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ৷ ৰেৱন্তে হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত শপত গ্ৰহণ কৰিব যদিও দলে প্ৰথমে ৰাজভৱনত শপতগ্ৰহণৰ ব্যৱস্থা কৰিছে ।
হায়দৰাবাদৰ হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী উপস্থিত থকাৰ সম্ভাৱনা আছে(Sonia Gandhi likely to attend Telangana CM swearing ceremony) ।
উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়া ১.০৪ বজাত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷
আজি শপত গ্ৰহণৰ পূৰ্বে দিল্লীত খাৰ্গে আৰু গান্ধী পৰিয়ালক সাক্ষাৎ কৰে ৰেড্ডীয়ে ৷ হায়দৰাবাদ চহৰৰ মাজমজিয়াত অৱস্থিত এল বি ষ্টেডিয়ামত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে ।
জানিব পৰা মতে, এই শপত গ্ৰহণ অনুষ্ঠানত ৰেৱন্ত ৰেড্ডীৰ সৈতে আন ৯ জন মন্ত্ৰীয়ে শপত লোৱাৰো সম্ভাৱনা আছে । ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰাজনে ৰেৱন্ত ৰেড্ডী আৰু মন্ত্ৰীসকলক পদবী আৰু গোপনীয়তাৰ বাবে শপত গ্ৰহণ কৰোৱাব । ৰেৱন্ত ৰেড্ডীয়ে কাইলৈ ১.০৪ বজাত শপতগ্ৰহণ কৰিব বুলি জানিব দিছে ৷ পূৰ্বে ১০.২৮ বজাত নিৰ্ধাৰণ কৰা হৈছিল এই সময় ৷ বুধবাৰে মুখ্য সচিব সন্থি কুমাৰী, আৰক্ষী সঞ্চালক প্ৰধান ৰবি গুপ্তা, হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত সন্দীপ শান্দিল্যকে ধৰি অন্যান্য বিষয়াসকলে এল বি ষ্টেডিয়ামত উপস্থিত হৈ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে(Sonia Gandhi likely to attend Telangana CM swearing ceremony, while Reddy meets Kharge and Gandhi family) ।
কাইলৈ হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি শীৰ্ষ কংগ্ৰেছ নেতা, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কৰ্ণাটকৰ কেইবাজনো মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ দলৰ নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে । ইয়াৰোপৰি, এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে(Sonia Gandhi likely to attend Revanth Reddy’s swearing in ceremony in Hyderabad)।