Local, Vocal, Global

Revanth Reddy Swearing in Ceremony : বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেৱন্ত ৰেড্ডীয়ে

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেৱন্ত ৰেড্ডীয়ে ।বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে(Revanth Reddy To be Next CM Of Telangana, Oath Ceremony On Dec 7) ।

প্ৰাপ্ত তথ্য অনুসৰি, ৰেৱন্তে হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত শপত গ্ৰহণ কৰিব যদিও দলে প্ৰথমে ৰাজভৱনত শপতগ্ৰহণৰ ব্যৱস্থা কৰিছে ।

আজি এক বিশেষ বিমানেৰে দিল্লীৰ অভিমুখে ৰাওনা হয় ৰেৱন্ত ৰেড্ডী । তেওঁৰ লগত শ্বব্বিৰ আলী, সুদৰ্শনা ৰেড্ডী আৰু বালাৰাম নায়ক একেলগে যায় । ইফালে দিল্লীত উপস্থিত হোৱাৰ লগে লগে ৰেৱন্ত ৰেড্ডীক তেলেংগানা ভৱনত বিশেষ আদৰণি জনাই(Revanth Reddy Swearing in Ceremony ) ।

ইফালে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ বাবে সাজু কৰা হৈছে কনভয় তথা চৰকাৰী বাহন ।

উল্লেখ্য যে, নিৰ্বাচিত ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা ব্য়াপক চৰ্চা লাভ কৰিছিল তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰীৰ নামক লৈ । অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী নাম ঘোষণা কৰে ।এইবাৰ দক্ষিণৰ ৰাজ্যখনে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব তেলেংগানাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডেীক ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে দিল্লীত ঘোষণা কৰে যে তেলেংগানাৰ উন্নয়নৰ প্ৰতি লক্ষ্য কৰি তথা কংগ্ৰেছ বিধায়নী দলৰ সদস্য়সকলৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

যোৱা ৩০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱা তেলেংগানাত ৩ ডিচেম্বৰত ঘোষণা কৰা হয় ফলাফল ৷ দেশৰ বাকী চাৰি ৰাজ্যৰ নিৰ্বাচনত লজ্জাজনকভাৱে মুখথেকেচা খোৱা কংগ্ৰেছে অৱশ্য়ে দক্ষিণৰ ৰাজ্যখনত বিজয় সাব্যস্ত কৰে ৷ বি আৰ এছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ দহ বছৰীয়া শাসনক ওফৰাই কংগ্ৰেছে গাদী দখল কৰে ৷

লগতে পঢ়ক : Rashtriya Rajput Karni Sena President Sukhdev Singh Gogamedi Shot Dead : শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা