Local, Vocal, Global

Sonia Gandhi admitted to hospital : কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ, দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কংগ্ৰেছ নেত্ৰীগৰাকীক

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ : কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ । ভৰ্তি কৰোৱা হয় হাস্পতালত(Sonia Gandhi admitted to hospital) ।

কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি । দেওবাৰে ভৰ্তি কৰোৱা হয় হাস্পতালত । জানিব পৰা মতে, দেওবাৰে ছোনিয়া গান্ধী মৃদু জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি কংগ্ৰেছ নেত্ৰীগৰাকী চিকিৎসকৰ পৰ্যবেক্ষণত আছে আৰু বৰ্তমান তেওঁ সুস্থিৰ বুলি জানিব পৰা গৈছে(Sonia Gandhi admitted to Delhi Sir Gangaram Hospital with symptoms of mild fever) ।

যোৱা বছৰ, ক’ভিড-১৯ আক্ৰান্ত হৈ স্বাস্থ্যজনিত সমস্যাৰ বাবে নতুন দিল্লীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তাৰ পাছৰে পৰা তেওঁ স্বাস্থ্যৰ কিছু অৱনতি হৈছে বুলি অনুমান কৰা হৈছে(Sonia Gandhi admitted to Delhi hospital with mild fever) ।

ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ কথা গম পায় কংগ্ৰেছে এক্স (পূৰ্বৰ টুইটা)ৰ জৰিয়তে ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি কৰোৱা বুলি জনোৱাৰ পাছতে তেওঁ সমৰ্থকসকলৰ মাজত ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে । অৱশ্যে এতিয়ালৈকে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী গৰাকীৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য প্ৰকাশ কৰা নাই । শেহতীয়া বছৰবোৰত,কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে স্বাস্থ্যজনিত সমস্যাৰ বাবে কেইবাবাৰো আমেৰিকা ভ্ৰমণ কৰিছে । য’ত তেওঁ স্বাস্থ্য সেৱা গ্ৰহণ কৰিছে(Sonia Gandhi admitted to hospital with mild fever) ।

প্ৰাপ্ত তথ্য অনুসৰি, বিশেষজ্ঞ চিকিৎসকৰ দলে নিৰন্তৰভাৱে কংগ্ৰেছ নেত্ৰীগৰাকীক পৰ্যবেক্ষণত ৰাখিছে(Congress leader Sonia Gandhi admitted to hospital due to fever) । চিকিৎসকৰ দলটোত কেইবাগৰাকী অভিজ্ঞ চিকিৎসকো আছে বুলি জানিব পৰা গৈছে । ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ বিষয়ে গম পোৱাৰ লগে লগে একাংশ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে হাস্পতালৰ সন্মুখত ভিৰ কৰাও পৰিলক্ষিত হৈছে ।

ইয়াৰ পূৰ্বে, কংগ্ৰেছ নেত্ৰীগৰাকীক ভাইৰেল শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবেও চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । ইফালে যোৱা ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁট ‘I.N.D.I.A’ৰ বৈঠকত উপস্থিত আছিল ।

লগতে পঢ়ক :I.N.D.I.A alliance Meet: ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰাত I.N.D.I.A মিত্ৰজোঁট সফল হ’ব : ৰাহুল গান্ধী