Actor Silvina Luna Dies After Plastic Surgery Goes Wrong : প্লাষ্টিক চাৰ্জাৰীয়ে কাল হ’ল এগৰাকী জনপ্ৰিয় মডেলৰ, ভুল অস্ত্ৰোপচাৰ বাবে প্ৰাণ গ’ল অভিনেত্ৰীৰ

ইন্টাৰনেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ : ভুল অস্ত্ৰোপচাৰ বাবে প্ৰাণ গ’ল এগৰাকী অভিনেত্ৰীৰ ।প্লাষ্টিক চাৰ্জাৰীয়ে কাল হ’ল এগৰাকী জনপ্ৰিয় মডেলৰ। প্লাষ্টিক চাৰ্জাৰী সফল নোহোৱাত মৃত্যু জনপ্ৰিয় মডেলৰ(Actor Silvina Luna Dies After Plastic Surgery Goes Wrong) ।
মহিলাসকলে নিজকে সুন্দৰকৈ উপস্থাপন কৰি ভাল পায়। আৰু ইয়াৰ বাবে বহুতে নিজৰ শৰীৰ কাটি পেলায়। অভিনেতা- অভিনেত্ৰীসকলৰ মাজত প্লাষ্টিক চাৰ্জাৰী অধিক প্ৰচলিত(Argentine Actor Silvina Luna Dies After Plastic Surgery Goes Wrong)। শৰীৰৰ প্ৰতিটো পৰিৱৰ্তন প্লাষ্টিক চাৰ্জাৰীৰে কৰিব পাৰি ।মুখৰ সৌন্দৰ্য্যও সলনি কৰিব পাৰি প্লাষ্টিক চাৰ্জাৰীৰে । এই পদ্ধতিয়ে যিহেতু নিমিষতে চেহেৰা সলনি কৰিব পাৰে ইয়াৰ ৰিস্কো কম নহয় ।
আৰ্জেণ্টিনাৰ এগৰাকী অভিনেত্ৰীয়ে নিজকে সুন্দৰ কৰি তুলিবলৈ গৈ নিজৰ প্ৰাণ দিব লগা হয়।
উল্লেখ্য যে, জনপ্ৰিয় মডেল ছিলভিনা লুনাই কেইবছৰমান আগতে কৰিছিল প্লাষ্টিক চাৰ্জাৰী । কিন্তু তেওঁৰ প্লাষ্টিক চাৰ্জাৰী সফল নহল আৰু তাৰ বাবে অভিনেত্ৰী গৰাকীয়ে বিভিন্ন শাৰীৰিক সমস্যাত ভুগিবলৈ লয় । তাৰ ভিতৰত বৃক্কৰ সমস্যাটো গুৰুতৰ হৈ পৰিল । এই সমস্যাই যোৱা বছৰত আৰু অধিক গুৰুতৰ হৈ পৰে ।
আৰ্জেণ্টিনাৰ অভিনেত্ৰী, মডেল আৰু টিভি উপস্থাপক ছিলভিনা লুনাৰ প্লাষ্টিক চাৰ্জাৰীৰ ফলত হোৱা স্বাস্থ্যজনিত জটিলতাৰ সৈতে দীৰ্ঘদিনৰ পৰা যুঁজি আছিল। ২০১১ চনৰ পৰাই বৃক্ক বিকলতাৰ সৈতে যুঁজি আহিছিল ৪৩ বছৰীয়া চেলিব্ৰিটিগৰাকীয়ে। চিকিৎসকে তেওঁক কঠোৰ নিৰীক্ষণত ৰাখিছিল(Argentine Actress Silvina Luna Succumbs to Death After Plastic Surgery Goes Wrong) ।
প্ৰাপ্ত তথ্য অনুসৰি, লুনাক কিডনি ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল আৰু জীয়াই ৰাখিবলৈ সপ্তাহত তিনিটাকৈ ডায়েলাইছিছ কৰিবলগীয়া হৈছিল, প্ৰত্যেকটো ডায়েলাইছিছ চাৰি ঘণ্টা ধৰি চলিছিল। অৱশেষত তেওঁক লাইফ চাপৰ্টত ৰখা হয় । কিন্তু জীয়াই থকাৰ কোনো আশা নাছিলে অভিনেত্ৰীগৰাকীৰ ।সেয়েহে পৰিয়ালৰ সন্মাতিত তেওঁৰ লাইফ চাপৰ্ট আঁতৰাই দিয়া হয় । জানিব পৰা মতে মৃত্যুৰ দুসপ্তাহ পূৰ্বেও প্লাষ্টিক চাৰ্জাৰী কৰিছিল অভিনেত্ৰী গৰাকীয়ে(Plastic surgery gone wrong, Argentine actor Silvina Luna dies from complications)।
জনপ্ৰিয় মডেল গৰাকীৰ অধিবক্তা ফাৰ্নাণ্ডো বাৰ্লাণ্ডোৱে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে আৰু কয় , চিকিৎসকে তেওঁক আকৌ এবাৰ ইনটুবেট কৰিবলগীয়া হোৱা বুলি কোৱাৰ পিছত পৰিয়ালৰ সদস্যসকলে তেওঁক লাইফ চাপৰ্টৰ পৰা সংযোগ বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত লয়।
চলিত বৰ্ষৰ এপ্ৰিল মাহত অনলিফেন্সৰ জনপ্ৰিয় মডেল আৰু কিম কাৰ্দাছিয়ানৰ লুকলাইক ক্ৰীষ্টিনা এষ্টেন গৌৰকানিৰ প্লাষ্টিক চাৰ্জাৰীৰ পিছত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৩৪ বছৰ। যোৱা ২৬ এপ্ৰিলত তেওঁৰ মৃত্যুৰ খবৰটো তেওঁৰ পৰিয়ালে ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰিছিল(Actress former model Silvina Luna dies after botched Brazilian butt lift surgery)।
লগতে পঢ়ক :woman stripped paraded naked : পুনৰ মণিপুৰ সদৃশ জঘন্য ঘটনা সংঘটিত হ’ল ৰাজস্থানত