Local, Vocal, Global

সোণাৰিত আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰীৰ বিপণী উদ্বোধন

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সোণাৰি খণ্ড অভিযান পৰিচালনা শাখাৰ তত্বাৱধানত বৰলুইত মণ্ডলৰ উদ্যোগত আৰু নাবাৰ্ড চৰাইদেউৰ সহযোগত বৰলুইত গ্ৰাম্য বজাৰ নামেৰে আত্মসহায়ক গোটৰ উৎপাদনী সামগ্ৰীৰ এখন বিপণী সোণাৰি নগৰৰ মাজমজিয়াত আৰম্ভ কৰা হয়। চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই উদ্বোধন কৰে বিপণীখন। উদ্বোধনী সভাত অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বৰা, নাবাৰ্ড চৰাইদেউৰ জিলাৰ উন্নয়ন প্ৰৱন্ধক লক্ষেশ্বৰ মহন্ত, চৰাইদেউৰ জিলা কৃষি বিষয়া ড° অৰুণ চাংকাকতি, সোণাৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া ৰেণু দেউৰী, চৰাইদেউ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউৎ, পশুপালন বিষয়া ডাঃ বুবুল গগৈ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শিৱসাগৰৰ জিলা প্ৰকল্প প্ৰৱন্ধক ড° সূৰুযজ্যোতি গগৈৰ লগতে চৰাইদেউ জিলা আৰু সোণাৰি খণ্ড অভিযান পৰিচালনা শাখাৰ বিষয়াসকল উপস্থিত থাকে। উক্ত বিপণীখনত বৰলুইত মণ্ডল পৰ্যায় সংগঠনৰ অধীনৰ ২২টা গ্ৰাম্য সংগঠনৰ প্ৰায় ৩,০০০ আত্ম সহায়ক গোটৰ মহিলাই তেওঁলোকৰ উৎপাদনী সামগ্ৰীসমূহ বিক্ৰীৰ সুবিধা লাভ কৰি স্বাৱলম্বিতাৰ পথত আগুৱাই যাব পাৰিব বুলি আশা কৰা হৈছে।