Local, Vocal, Global

ফেচবুকৰ জৰিয়তে বৌদ্ধিক বিকাশৰ লক্ষ্য…

ফেচবুক হয়তো আপোনালোক সকলোৱেই ব্যৱহাৰ কৰে। বহুক্ষেত্ৰত এই সামাজিক মাধ্যমে নেতিবাচক প্ৰভাৱ পেলোৱাও আপোনালোকে দেখিছে। এটা ব্যতিক্ৰমী ফেচবুক গ্ৰুপ যি সাহিত্য-সংস্কৃতিৰ মাজেৰে সমাজত এক ইতিবাচক উত্তৰণৰ ধাৰণা হাতত লৈ বিভিন্ন প্ৰশংসনীয় কাৰ্যসূচী হাতত লৈছে।

গ্ৰুপটোৰ নাম “অসমী আইৰ সেউজীয়া আমাৰ চোতাল”। এই গ্রুপটোৱে সদৌ অসম ভিত্তিত সময় সাপেক্ষে বহু প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। গ্রুপটোৱে লকডাউনৰ পৰিপ্রেক্ষিতত ৰঙালী বিহুৰ সময়ত বিহুৰ লগত সংগতি ৰাখি ৰচনা প্ৰতিযোগিতা, জয়ন্ত হাজৰিকাদেৱৰ গীতৰ কলিৰ আধাৰত গল্প প্ৰতিযোগিতা,  বিশ্ব পৰিবেশ দিৱস উপলক্ষে অনলাইন বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। উক্ত প্ৰতিযোগিতাসমূহত স্থানপ্ৰাপ্ত গোলাঘাট জিলাৰ বহু প্ৰতিযোগীক গ্ৰুপৰ কাৰ্যবাহী মুখ্য সম্পাদক বিশ্বজিৎ বৰুৱা, সভাপতি দিব্যজ্যোতি বৰুৱা, পৰিচালিকা সুদক্ষিণা শইকীয়া, ৰিয়া হাজৰিকা, ৰিয়া ৰাজখোৱা আৰু পৰিচালক গণেশ বড়োয়ে তিনি জুলাইত কায়িকভাৱে উপস্থিত থাকি পুৰস্কাৰ প্ৰদান কৰে। লগতে অসমৰ অন্য জিলাৰ স্থানপ্ৰাপ্তসকললৈ ডাকযোগে পুৰস্কাৰ প্ৰেৰণ কৰে। তেওঁলোকে পুৰস্কাৰ বিতৰণৰ লগতে কলা শাখাত উচ্চতৰ মাধ্যমিকত অষ্টম স্থানপ্ৰাপ্ত বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে অন্য বহু কৃতী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনায়।

ভৱিষ্যতে এই গ্রুপটোৱে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উত্তৰণৰ বাবে নতুন কাৰ্যপন্থা হাতত ল’ব বুলি জানিবলৈ দিয়ে মুখ্য সঞ্চালক পি পি য়েংগাৰে। গ্রুপটোৰ এই কাৰ্যসূচীসমূহ সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসমী আইৰ সেউজীয়া আমাৰ চোতাল গ্রুপৰ সকলো পৰিচালক-পৰিচালিকাৰ ভূমিকা গুৰুত্বপূৰ্ণ।