Local, Vocal, Global

গুৱাহাটীৰ পিছত ৰাজ্যৰ আন জিলাতো বলৱৎ লকডাউন

ডিমা হাছাও জিলাত আৰম্ভ হৈছে কৰ’নাৰ সামাজিক সংক্ৰমণ। শুকুৰবাৰে ডিমা হাছাও জিলাৰ নতুনকৈ ৮গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতেই  ডিমা হাছাও জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিন্ধান্ত। সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সম্পূৰ্ণ ল’কডাউন ঘোষণা ডিমা হাছাও জিলাত। উল্লেখযোগ্য যে নতুনকৈ আক্ৰান্ত ৮গৰাকীৰ ভিতৰত ৬গৰাকীৰেই নাই কোনো ভ্ৰমণ বৃত্তান্ত। ডিমা হাছাওত বৰ্তমানলৈকে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ১২৮গৰাকী। নতুনকৈ আক্ৰান্ত ৭গৰাকী ৰোগীৰ মাজত ৫গৰাকী মানদাৰ দিছা চেকপোষ্টত কৰ্মৰত আৰক্ষীৰ কৰ্মী আৰু এগৰাকী ব্যক্তি দিয়ুংমুখ স্বাস্থ্যকেন্দ্ৰৰ কৰ্মচাৰীৰ পুত্ৰ।

ডিমা হাছাওত গণ সংক্ৰমণ ৰোধ কৰাৰ বাবেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই ১৪ দিনৰ বাবে সমগ্ৰ পাহাৰীয়া জিলাখনত লকডাউন বলৱত্‍ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অৰ্থাৎ ৬ জুলাইৰ পৰাই ডিমা হাছাও জিলাত কাৰ্যকৰী হ’ব সম্পূৰ্ণ লকডাউন।