Local, Vocal, Global

পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সোণাৰি নগৰৰ ৰাইজক

সোণাৰি নগৰৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক। দীৰ্ঘদিন ধৰি  পথটোৰ কোনো মেৰামতি নকৰাৰ ফলত পথটোৰে অহা-যোৱা কৰা ৰাইজে ভুগিছে যমৰ-যাতনা। এজাক বৰষুণতে একাঁঠু পানী হোৱা পথটোৰ মেৰামতিত তিলমানো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।

সোণাৰি পৌৰসভাৰ অন্তৰ্গত ১৩নং ৱাৰ্ডৰ এটা পথৰ বাবেই জীয়াতু ভুগিছে সাধাৰণ জনতা। চৰাইদেউ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ কাষতে থকা পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এজাক সামান্য বৰষুণতে একাঁঠু পানীৰে ভৰি পৰে। বাৰিষাটো বাদেই খৰালিও বোকা-পানীৰে ভৰি থাকে পথটো। আজিকোপতি কোনো ধৰণৰ মেৰামতি নহ’ল পথটোৰ। যোৱা ৪ এপ্ৰিলতে পৌৰসভাৰ ম্যাদ উকলি যোৱাত পৌৰসভাখনৰ দায়িত্ব চৰাইদেউ জিলা প্ৰশাসনৰ হাতলৈ যায় যদিও জিলা প্ৰশাসনে আজিলৈকে পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। ফলত বাৰিষা অহাৰ লগে লগেই যাতায়াতত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ। পিছপৰা শ্ৰেণীৰ বহুসংখ্যক লোকে বসবাস কৰা অঞ্চলটোৰ জনসাধাৰণে পথটোৰ পুনৰ নিৰ্মাণৰ বাবে বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে।