Local, Vocal, Global

ক’ৰনাৰ হটস্পট পৰিগণিত গোলাঘাট নাৰ্ছিং হোম

শেহতীয়াকৈ ক’ৰনাৰ হটস্পট হিচাপে পৰিগণিত হোৱা গোলাঘাটৰ গোলাঘাট নাৰ্ছিং হোমলৈ বিভিন্ন স্বাস্থ্যজনিত কাৰণত যোৱা কেইবাগৰাকীও ব্যক্তিৰ দেহলৈ ক’ৰনাৰ গণ সংক্ৰমণ হোৱাৰ বিষয়টোৱে সমগ্ৰ  জিলাবাসীকে চিন্তিত কৰি তুলিছে। নাৰ্ছিং হোমৰ ঘটনাটো জিলাখনত সৰৱ চৰ্চা হৈ থকাৰ মাজতে এইবাৰ নাৰ্ছিং হোমখনলৈ বিশেষ কাৰণত যোৱা দেৰগাঁও ৰঙামাটিৰ ৰাজেন কুৰ্মী নামৰ এজন ব্যক্তি ক’ভিড-১৯ পজিটিভ বুলি জানিব পৰা গৈছে। ৰঙামাটি কৈৱৰ্ত ৰাজহ গাঁৱৰ নিৱাসী ৩৯ বছৰীয়া ৰাজেন কুৰ্মী পজিটিভ বুলি যোৱাকালি ৰিপ’ৰ্ট আহে আৰু আজি  দুপৰীয়া ভাগত ৰাজেন কুৰ্মীৰ ঘৰত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হয় আৰু ১০৮ এম্বুলেঞ্চ সেৱাৰ গাড়ীৰে গোলাঘাটৰ ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে অঞ্চলটোত শেহতীয়াকৈ  ৰাজেন কুৰ্মীৰ সংস্পশলৈ অহা ব্যক্তিৰ সন্ধান অৱ্যাহত ৰাখিছে সংলিষ্ট কৰ্তৃপক্ষই ৷