Local, Vocal, Global

৫ বছৰ বয়সতে যৌন নির্যাতনৰ বলি হৈছিল ছলমান খানৰ প্ৰাক্তন প্ৰেয়সী সোমী আলীয়ে

শেহতীয়া এটি সাক্ষাৎকাৰত ছলমান খানৰ প্ৰাক্তন প্ৰেয়সী সোমী আলীয়ে এটি চাঞ্চল্যকৰ মন্তব্য দিয়ে। সোমীয়ে কয় যে মাত্ৰ ৫ বছৰ বয়সৰ পৰাই যৌন নির্যাতনৰ বলি হৈ আহিছে তেওঁ। মাত্ৰ কেইবছৰমানহে বলীউডৰ জগতত বর্তি আছিল সোমী আলী। কিন্তু চলচ্চিত্ৰ জগতত অভিনয়ৰ বাবে নহয় ছলমান খানৰ প্ৰেয়সী হিচাপেহে জনপ্ৰিয় হৈছিল অভিনেত্ৰীগৰাকী।

সাক্ষাৎকাৰটোত সোমীয়ে কৈছিল যে প্ৰথমবাৰ তেওঁ যৌন নির্যাতনৰ বলি হৈছিল ৫ বছৰ বয়সত। তাৰ পাছত ক্ৰমে ৯ বছৰ আৰু ১৪ বছৰ বয়সত ধর্ষণৰ বলি হয় অভিনেত্ৰীগৰাকী। ঘটনাটোৰ বিষয়ে তেওঁ পিতৃ-মাতৃক জনাইছিল যদিও পিতৃ-মাতৃয়ে কাৰো আগত এই বিষয়ে মুখ নুখুলিবলৈ সোমীক সতর্ক কৰি দিছিল।

উল্লেখ্য যে বিগত ১৪ বছৰে সোমী আলীয়ে ‘N0 MORE TEARS’ নামেৰে এটা এন জি অ’ চলাই আহিছে। এন জি অ’টোৰ কাম হৈছে ধর্ষণ তথা যৌন নির্যাতনৰ বলি হোৱা মহিলাসকলক উদ্ধাৰ কৰি নতুন জীৱনৰ প্ৰেৰণা দিয়া।