Local, Vocal, Global

অবিশ্বাস্য যদিও সত্য । ২০২০ চনটোত কৰ্মৰত অৱস্থাত হত্যাৰ বলি হল ৬৫ গৰাকী সাংবাদিক

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতাৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ মাজতে ২০২০ চনত বিশ্বজুৰি প্ৰাণ গ’ল ৬৫ গৰাকী সাংবাদিকৰ । এই তথ্য ঘোষণা কৰিছে আন্তৰ্জাতিক সাংবাদিক সংঘই (International Federation of Journalists) । তথ্য অনুসৰি ১৬খন দেশত এইসকল সাংবাদিকৰ হত্যাকাণ্ড সংঘটিত হৈছিল । উল্লেখ্য যে ২০২০ চনত মেক্সিকোত ১৪ গৰাকী সাংবাদিক দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল। সাংবাদিক হত্যাৰ লেখেৰে মেক্সিকোই শীৰ্ষস্থান অধিকাৰৰ কুখ্যাতি আৰ্জিছে। ইয়াৰ পিছতেই ক্ৰমে আফগানিস্তানত ১০গৰাকী, পাকিস্তানত ৯ গৰাকী সাংবাদিক হত্যাৰ বলি হয় । মৰ্মান্তিক বিষয় এয়ে যে ভাৰতবৰ্ষটো এই বছৰটোত ৮ গৰাকী সাংবাদিকে নিজৰ কৰ্তব্যৰ সময়ত মৃত্যুক আঁকোৱালি লবলৈ বাধ্য হৈছে । ২০২০ চনত ৬৫ সাংবাদিকৰ এনে অকাল মৃত্যুত বৰ্তমানৰ সাংবাদিক সমাজ ব্যথিত ।