Local, Vocal, Global

উদ্দেশ্য তৃণমূল কংগ্ৰেছক উৎখাত, মমতাৰ বিৰুদ্ধে মনোনয়ন পত্ৰ দাখিল পুৰণি সতীৰ্থ সুৱেন্দু অধিকাৰীৰ

পশ্চিমবংগৰ নন্দিগ্ৰামত মমতা বেনাৰ্জীক প্ৰতিদ্বন্দিতাৰ উদ্দেশ্যেৰে বিজেপিৰ প্ৰাৰ্থী স্বৰূপে মনোনয়ন পত্ৰ দাখিল কৰিলে সুৱেন্দু অধিকাৰীয়ে । উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ পৰা কিছুদিন পূৰ্বে দলত্যাগ কৰি বিজেপিত যোগদান কৰা অধিকাৰীয়ে কয় যে – “পশ্চিমবংগত কৰ্ম সংস্থাপনৰ অনেক অনুকূল অৱস্থা আছে আৰু এই সমূহ কাৰ্যকৰী কৰিবলৈ হ’লে তৃণমূল কংগ্ৰেছক উৎখাত কৰা নিত্যান্তই প্ৰয়োজনীয় ।” লগতে বিজেপি প্ৰাৰ্থী গৰাকীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতৰ সমভাগী হিচাপে আছিল । দলত্যাগৰ পিছত একালৰ টিএমচি নেতাজনৰ এই মন্তব্যই নন্দিগ্ৰামৰ ৰাজনৈতিক প্ৰতিযোগিতাখন আকৰ্ষণীয় কৰি তুলিছে বুলি একাংশই মত প্ৰকাশ কৰিছে ।