Local, Vocal, Global

কন্যাৰ লগত যৌতুক হিচাপে পিতৃয়ে দিলে ২১ ডালকৈ বিষাক্ত সাপ

কন্যাৰ লগত যৌতুক হিচাপে পিতৃয়ে দিলে ২১ ডালকৈ বিষাক্ত সাপ

কন্যাৰ লগত বিবাহত যৌতুক হিচাপে সাপ প্ৰদান কৰাৰ কথা শুনিছেনে? অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। নিজ কন্যাৰ লগত যৌতুকত সাপ প্ৰদান কৰাৰ এক প্ৰথা আছে মধ্য প্ৰদেশৰ এটা সম্প্ৰদায়ৰ মাজত। গৌৰীয়া নামৰ সম্প্ৰদায়টোৱে পালন কৰি আহিছে এই প্ৰথা। প্ৰথা অনুসৰি কন্যাগৰাকীৰ পিতৃয়ে জোঁৱায়েকক উপহাৰ হিচাপে প্ৰদান কৰে ২১ ডালকৈ বিষাক্ত সাপ। বিয়াৰ আয়োজন চলাৰ সমান্তৰালকৈ সাপ ধৰা কাৰ্যৰো আৰম্ভ কৰে কন্যা গৃহই।

উল্লেখযোগ্য যে সম্প্ৰদায়টোৱে এই সাপবোৰক নিজৰ পৰিয়ালৰ সদস্য হিচাপেই ৰাখে। সাপৰ মৃত্যু হ’লে মুণ্ডন কৰাৰ লগতে ৰাজহুৱা ভোজনৰো আয়োজন কৰে সম্প্ৰদায়টোৱে।