Local, Vocal, Global

মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ ড্ৰাগছ বিলাসী গাড়ীসহ ৬  অবৈধ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ ড্ৰাগছ বিলাসী গাড়ীসহ ৬  অবৈধ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ।

 

নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিতৌ ধৰা পৰিছে নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কাৰী তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ বেহাৰ লগত জড়িত থকা বহু দুষ্ট চক্ৰ । আজি পুৱা মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মূদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মৈৰাবাৰী থানৰ অন্তৰ্গত পলাহজুৰী গাৱৰ আশ্বাদুল ইছলামৰ ঘৰৰ পৰা ১৪৯;৭৬গ্ৰাম ড্ৰাগছ  ব্ৰাউন চুগাৰ ১০০টা কন্টেনাৰ নগদ ৫লাখ৫৪হেজাৰ টকা দুখন বিলাসী গাড়ী সহ ৬জন ব্ৰাউন চুগাৰৰ সৰবৰাহকাৰী বূহৎ চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰ মনিপুৰ অৰুণাচলৰ পৰা  মৈৰাবাৰীলৈ অতি চোৰাং ভাৱে নিষিদ্ধ ড্ৰাগছ বেপাৰ চলাই অহা এই বূহৎ ড্ৰাগছ সৰবৰাহকাৰী কেইজনে যোৱা ৰাতি এই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ খিনি লৈ পলাহজুৰী আশ্বাদুলৰ ঘৰত ঘাটি পাতিছিল। আশ্বাদুল ইছলামৰ ঘৰৰ পৰাই  ড্ৰাগছ ব্ৰাউন চুগাৰ অসমৰ বিভিন্ন জিলাত বিতাৰন কৰা হয়।বূহৎ পৰিমাণৰ ড্ৰাগছ ব্ৰাউন চুগাৰ খিনি আশ্বাদুলৰ ঘৰত আহাৰ পাছত আৰক্ষীয়ে এক গোপন সূত্ৰত গম পোৱাৰ লগে লগেই এক অভিযান চলায়। প্ৰায় পাচ ঘন্টা সময় ক্ষেত্ৰ ভিত্তিক অভিযান চলাই অৱশেষত এই বূহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ  ড্ৰাগছ  গাড়ী আৰু ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে লক্ষীমপুৰৰ  ছকিনা খাতুন  জমিৰ উদ্দিন  আৰু নগাঁওজিলাৰ দুজন ক্ৰমে ছফিকুল ইছলাম আৰু জহিৰুল ইছলাম আৰু ড্ৰাগছ সৰবৰাহকাৰী আশ্বাদুল ইছলামৰ পত্নী ছালমা বেগমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।   উল্লেখযোগ্য যে মধ্য অসমৰ মোষ্ট ৱান্টেড ড্ৰাগছ বেপাৰী আশ্বাদুল ইছলাম  আগতীয়াকৈ পলায়ন কৰে যদিও ড্ৰাগছ ব্ৰাউন চুগাৰ বেপাৰ কৰাত ব্যৱহাৰ কৰা As-03 3535 নম্বৰৰ বিলাসী গাড়ী সহ দুখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। আজি এই বূহৎ চক্ৰটো উৎখাত কৰা আৰু ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।