Local, Vocal, Global

কিশোৰৰ ধূমপান সেৱন কৰাৰ video facebookত আপলড কৰি বিপদত এজন ব্যক্তি

কিশোৰৰ ধূমপান সেৱন কৰাৰ video facebookত আপলড কৰি বিপদত এজন ব্যক্তি

এই  ঘটনাতো সংঘটিত হৈছে মৰিয়নিৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত খাটিচুনা গাঁৱত। খাটিচুনা গাঁৱৰ ৰাজেন চুড়ী নামৰ এজন ব্যক্তীয়ে একেখন গাৱৰে ১৪ বছৰীয়া এজন কিশোৰৰ ধুমপান সেৱন কৰাৰ video নিজৰে facebook account ত upload কৰাকলৈ এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

facebookত নিজ পুত্ৰক ধুমপান সেৱন কৰা video দেখাৰ পাছত পিতৃয়ে যোৱা ১০ জুলাই তাৰিখে ৰাজেন চুড়ী নামৰ ব্যক্তি জনৰ বিৰুদ্ধে দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপে।