Local, Vocal, Global

হোজাই জিলা আৰক্ষীৰ অভিযানত বহি: ৰাজ্য কেৰেলাৰ পৰা উদ্ধাৰ অসমৰ ৯ গৰাকী যুৱতী

হোজাই জিলা আৰক্ষীৰ অভিযানত বহি: ৰাজ্য কেৰেলাৰ পৰা উদ্ধাৰ অসমৰ ৯ গৰাকী যুৱতী ৷   নাৰী দেহ ব্যৱসায় চক্ৰৰ পৰা উদ্ধাৰ যুৱতী কেইগৰাকীক ।  লগতে আটক দুজন নাৰী দেহ চক্ৰটোৰ লগত জড়িত ব্যক্তি   ।  আটকাধীন দুজনৰ নাম ক্ৰমে, মুফাজুল হ’ক(হোজাই) আৰু ৰকবুল হুছেইন (নগাঁও) ।  বিভিন্ন প্ৰলোভন দি বহি: ৰাজ্যলৈ লৈ যোৱা হৈছিল যুৱতী কেইগৰাকীক  ।

লংকা আৰক্ষী থানাত ৪৫৩/২০২১ নম্বৰত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ৮ জনীয়া হোজাইৰ আৰক্ষীৰ এটি দলে বহি: ৰাজ্য কেৰেলাৰ আৰক্ষীৰ সহযোগত কেৰেলাৰ  ট্ৰিৱান্দম চহৰৰ বিভিন্ন ঠাইত অভিযান চলাই উদ্ধাৰ কৰে যুৱতী কেইগৰাকীক।  যুৱতী কেইগৰাকী  হোজাই, নগাঁও, শোনিতপুৰ, মৰিগাঁও আৰু কামপুৰ গ্ৰাম্যৰ বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ   ।

উদ্ধাৰ হোৱা ৯ গৰাকী যুৱতীৰ ভিতৰত ৪ গৰাকী দেহত কভিড ১৯ উপস্থিতি ধৰা পৰাত বাকী ৫ গৰাকীক আজি হোজাই শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰা হয় ৷ লগতে দুই মানৱ সৰবৰাহৰ অভিযোগত  অভিযুক্ত  ক্ৰমে মুফাজুল হক ; আৰু ৰকবুল হুছেইনকো আদালতত হাজিৰ কৰা হয় ৷

উদ্ধাৰকৃত বাকী ৪ গৰাকীৰ দেহত কভিড’ ৰ  উপস্থিতিৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে