৪৫ বছৰৰ পিছত ভাৰত-চীন সীমান্তত ৰক্তপাত, চলিছিল আক্ৰমণ- প্ৰতি আক্ৰমণ
![](https://mynewsne.com/wp-content/uploads/2020/06/IMG-20200616-WA0002.jpg)
১৯৬২ চনত হৈছিল চীন-ভাৰতৰ মাজত যুদ্ধ। আগ্ৰাসী চীনা সৈন্য আহি পাইছিল আমাৰ তেজপুৰৰ ওচৰ। সেই ভয়াবহ অধ্যায় এতিয়া ইতিহাস । তাৰ পিছত বিগত ৫০ বছৰে চীন ভাৰতৰ মাজত চলি থকা সীমা সংঘাতে সঘনে সংবাদ শিৰোনাম দখল কৰি আহিছে যদিও এদিনো, এবাৰলৈও হোৱা নাই যুদ্ধ। কিন্তু প্ৰায় ৪৫ বছৰ পূৰ্বে ছিক্কিমৰ নাথুলা সীমান্তত হৈছিল দুয়োদেশৰ সীমান্তৰক্ষী সকলৰ মাজত খণ্ডযুদ্ধ, হৈছিল ৰক্তপাত। সৌ সিদিনা ছিক্কিম সীমান্তৰে ড’কলামতো সংঘটিত হৈছিল সীমান্তত কৰ্তব্যৰত দুয়ো দেশৰ সেনাৰ মাজত ঠেলা হেঁচা। কিন্তু কাৰোবাৰ মৃত্যু বাদেই আঘাতপ্ৰাপ্তও হোৱা নাছিল চিন্তা কৰিব লগীয়া ধৰণেৰে। কিন্তু প্ৰায় ৪৫ বছৰ পিছত প্ৰথমবাৰৰ বাবে সেনা জোৱানৰ তেজেৰে ৰাঙলী হ’ল ভাৰত চীন সীমান্তৰ মাটি। এজন বিষয়া সহ ৩ ভাৰতীয় সেনাৰ বিপৰীতে ৰঙা চীনৰো ৫জন সৈন্যৰ মৃত্যু হোৱাৰ বাতৰি আহিছে। দুয়ো দেশৰ আন প্ৰায় ১১ জোৱান আহত হৈছে। কিন্তু আচৰিত কথাটো হ’ল দুয়োখন দেশৰ ৭ জনকৈ জোৱানৰ মৃত্যু হ’ল যদিও এই সংঘৰ্ষৰ সময়ত এজাই গুলিও ফুটা নাছিল । কিন্তু মাৰপিট হৈছিল ভয়ংকৰ ভাবে। শিলগুটিৰে চলিছিল আক্ৰমণ প্ৰতি আক্ৰমণ। প্ৰথমে দেশ দুখনৰ মাজৰ সীমা নিৰ্ধাৰক ফেন্সিঙৰ লোৰ খুটা উঘালি আনি আৰু তাৰ পিছত ফেন্সিঙৰ কাঁইটীয়া তাঁৰ কাটি আনি সেনাই ব্যৱহাৰ কৰিছিল অস্ত্ৰ ৰূপে।
সোমবাৰে নিশা হোৱা এই ভয়াবহ ঘটনাৰ পিছত লাড্ডাখ কেন্দ্ৰীক সীমা বিবাদ যেন পুনৰ জটিল হৈ পৰিছে। ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিভাগীয় জৰুৰী বৈঠকৰ আয়োজন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰিছে পৰিস্থিতিৰ সবিশেষ ।