Local, Vocal, Global

পাথাৰকান্দিত গ্ৰাম্য পকীপথ নিৰ্মাণত ব্যাপক খেলিমেলিৰ অভিযোগ

পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম্য পকীপথ নিৰ্মাণ যোজনাত ব্যাপক খেলিমেলিৰ অভিযোগ। কাম সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত ম্যাদ উকলি যোৱাৰ পিছতো ৫০ শতাংশ কাম সম্পন্ন নোহোৱাৰ বাবে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। আনহাতে নিম্নমানৰ কাম হোৱাৰ বাবে পথটোৰ বিভিন্ন অংশ বৰষুণৰ পানীয়ে বিস্তৰ ক্ষতি কৰিছে৷

২০১৮ চনত ৪ কোটি ৩৫ লাখ টকা মূল্যৰ এই পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। জনৈক মদনমোহন দাস নামৰ ঠিকাদাৰে এই পথটোৰ নিৰ্মাণৰ নিবিদা লাভ কৰিছিল। প্ৰথম অৱস্থাত পথ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলিছিল যদিও সময় অতিবাহিত হোৱাত কামৰ মান নিম্ন মানদণ্ডৰ হয়। আনকি কেইবাদিনো ধৰি চলা নেৰানেপেৰা বৰষুণে পথৰ বহু অংশৰ মাটি খহায় পেলায়৷

একাংশ আমোলা-ঠিকাদাৰৰ মিতিৰালিৰে কৰিমগঞ্জত নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী গ্ৰাম্য পকী পথ যোজনাৰ কামত ইতিমধ্যে বিসংগতি ধৰা পৰিছে। এই পথটোৰ ক্ষেত্ৰতো একে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পথ নিৰ্মাণৰ কামত চৰকাৰী গাইডলাইন নামানি কাম কৰিলে ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে আন্দোলনৰ পথ বাছি ল’ব বুলিও হুংকাৰ দিয়ে৷