নেপালৰ উচ্চ সদনত গৃহীত দেশৰ নতুন মেপ

- ভাৰতৰ ৩টা স্থান সামৰি নতুন মেপ মুকলি নেপালৰ।
- নেপালৰ এই কাৰ্যৰ অন্তৰালত চীনৰ উচতনিৰ সন্দেহ।
- ভাৰতীয় সেনা প্ৰধানৰো প্ৰতিক্ৰিয়া প্ৰকাশ।
- কালাপানীসহ ৩ স্থান নেপালৰ মেপত অন্তৰ্ভুক্ত
ভাৰতৰ এই ৩ স্থান লিপুলেখা, লিম্পীয়াধুৰা, কালাপানীক নিজৰ মেপত অন্তৰ্ভুক্ত কৰিলে নেপালে। নেপালৰ উচ্চ সদনে বৃহস্পিতবাৰে গৃহীত কৰা নতুন মেপত এই ৩ স্থান সামৰি লৈছে। নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গাইৱালে অনুষ্ঠানিকভাৱে এই মেপখন প্ৰকাশ কৰিছে। নেপালৰ সদনত দাখিল কৰাৰ পিছত মেপখন সৰ্বসন্মতিক্ৰমে গৃহীত হয়।