Local, Vocal, Global

ই ডিৰ বৃহৎ সাফল্য, নীৰৱ, মেহুলৰ ১,৩৫০ কোটি টকা মূল্যৰ গহণা ভাৰতলৈ

বৃহৎ বেংক জালিয়াতিৰ গোচৰত অভিযুক্ত হৈ বিদেশত পলাই থকা দুই প্ৰৱঞ্চক নীৰৱ মোদী আৰু মেহুল ছৌকচিৰ ক্ষেত্ৰত এক বৃহৎ সফলতা অৰ্জন কৰিছে ই ডি-এ৷ এই দুই হাইপ্ৰফাইল প্ৰৱঞ্চকৰ পৰা প্ৰায় ১.৩৫০ কোটি টকা মূল্যৰ সোণ আৰু হীৰাৰ গহণা সফলতাৰে ঘূৰাই অনা হৈছে ভাৰতলৈ৷ প্ৰৱঞ্চক দুজনে ২,৩০০ কিলোগ্ৰাম ওজনৰ এই বিশাল পৰিমাণৰ গহণাখিনি প্ৰথম অৱস্থাত লুকুৱাই থৈছিল ডুবাইত৷ কিন্তু পৰৱৰ্তী সময়ত বেংক জালিয়াতি সম্পৰ্কত তদন্ত আৰম্ভ হোৱাৰ লগে লগে এই গহণাখিনি হংকঙলৈ পঠিয়াই দিয়া হৈছিল৷ ২০১৮ চনতে সবিশেষ তথ্য লাভ কৰিছিল ই ডি-এ৷ ১০৮টা কনচাইনমেণ্টত ভাগ কৰা গহণাখিনিৰ ৩২টা নীৰৱ মোদীৰ৷ বাকী ৭৬টা কনচাইনমেণ্টেই মেহুল ছৌকচিৰ বুলি জানিব পৰা গৈছে৷ স্মৰ্তব্য যে মাত্ৰ দুদিন পূৰ্বে মুম্বাইৰ এক বিশেষ আদালতে নীৰৱ মোদীৰ ১৪০০ কোটিটকীয়া সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছিল৷

নীৰৱ মোদী বৰ্তমান লণ্ডনৰ কাৰাগাৰত৷ আৰু এণ্টিগুৱাৰ নাগৰিকত্ব লৈ তাতেই আত্মগোপন কৰি আছে মেহুল ছৌকচিয়ে৷