Website Design: dastechnologies.in
ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ। বিভাগটোৰ উন্নয়নমূলক কামৰ নগ্ন স্বৰূপ দেখা গ’ল গোলাঘাটত। গোলাঘাট নগৰৰ মাজেৰে যোৱা ঐতিহাসিক ধোদৰ আলিয়েই ইয়াৰ জ্বলন্ত উদাহৰণ। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে নিৰ্মাণ কৰা গোলাঘাট জিলাৰ কমাৰগাৱৰ পৰা জয়পুৰলৈকে অৱস্থিত এই পথটো। ৰাজ্য চৰকাৰৰ গড়কাপ্তনী বিভাগৰ জৰাজীৰ্ণ পথটো গোলাঘাট কছাৰীহাটৰ পৰা যোৰহাট জিলাৰ সীমান্ত কাকডোঙা লৈকে ঠায়ে ঠায়ে পুখুৰী সদৃশ পৰিৱেশ। দ’ দ’ গাঁতৰ সৃষ্টি হোৱাত বহু সময়ত বহু দুৰ্ঘটনাও সংঘটিত হৈছে। দ’ গাঁতত পৰি পথাচাৰী মৃত্যুমুখতো পৰিছে। বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু প্ৰশাসনক কমাৰবন্ধা অঞ্চলৰ স্থানীয় দল, সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ, আবেদন-নিবেদন কৰাৰ পিছতো যোৱা এবছৰ ধৰি কোনো সুফল নধৰিল। এবছৰ পুৰ্বে গোলাঘাট জিলা উপায়ুক্তই পথ নিৰ্মাণৰ আশ্বাস দিছিল যদিও শিলগুটি পেলাই গড়কাপ্তনী বিভাগে দায়িত্ব সামৰে। পথটোৰ বৰ্তমান পৰিৱেশে সকলোকে যন্ত্ৰণা ভোগাই আহিছে। বাৰিষা কালত দ’ দ’ গাঁতত পানী জমা হৈ যোৱাত পথাচাৰী প্ৰায় দুৰ্ঘটনাৰ সন্মূখীন হয়। বৰ্তমান গড়কাপ্তনী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়তৰ বাবে উপযোগী কৰি তুলিবলৈ ৰাইজৰ আহ্বান ।