Local, Vocal, Global

ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি, সাৱধান নহ’লে পুনৰ লকডাউন

দেশত আৰম্ভ হৈছে পৰ্যায়ক্ৰমে আনলক৷ কিন্তু ইয়াৰ লগে লগে কৰ’না সংক্ৰমণক লৈ সৰ্বসাধাৰণৰ মনৰ পৰা সতৰ্কতা, সচেতনতাৰ বিলুপ্তি ঘটিছে নেকি? দেশৰ শেহতীয়া পৰিস্থিতিয়ে এনে প্ৰশ্নকেই প্ৰাসংগিক কৰি তুলিছে৷ আনহে নালাগে মাস্ক পিন্ধিবলৈ আৰু সামাজিক ব্যৱধান মানি চলাৰ কথাও পাহৰি গৈছে ৰাইজে৷ এনে সময়তে কৰ’নাই দেশৰ ভিতৰতে সংহাৰী ৰূপ লোৱা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৰাজ্যবাসীক উদ্দেশ্যি সতৰ্কবাণী- ‘ৰাজ্যবাসী সচেতন নহ’লে মহাৰাষ্ট্ৰত পুনৰ বলবৎ কৰা হ’ব লকডাউন৷’ মুখ্যমন্ত্ৰী থাকেৰ কয় যে কৰ’নাৰ আতংকৰ পৰা দেশ সম্পূৰ্ণ মুক্ত হ’বলৈ এতিয়াও বহু বাকী৷ তেনেস্থলত জনতাৰ সচেতনতাবোধেই কৰ’নাৰ সংক্ৰমণ তথা গণ সংক্ৰমণ প্ৰতিৰোধৰ একমাত্ৰ উপায়৷ গতিকে ৰাইজ সচেতন নহ’লে পুনৰ লকডাউন জাপি দিয়াৰ বিকল্প নাথাকিব৷