Local, Vocal, Global

গোলাঘাটত কভিড পজিটিভ সন্দৰ্ভত অতিৰিক্ত উপায়ুক্তক স্মাৰকপত্ৰ আছুৰ

গোলাঘাট নাৰ্ছিং হোমৰ কভিড পজিটিভ ঘটনাক লৈ জিলা অতিৰিক্ত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান গোলাঘাট জিলা ছাত্ৰ সন্থাৰ। বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্র সন্থাই জিলাখনত কভিড পজিটিভ সম্পৰ্কত বিভিন্ন সমস্যা সমাধানৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাসক। কোৱাৰেন্টিনত থাকি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কভিড টেষ্টৰ বাবে স্বোৱাব গ্ৰহণ কৰা MMU তথা NHMৰ লেব টেকনিচিয়ান দুজনে কেনেদৰে গোলাঘাট নাৰ্ছিং হোমৰ লেৱ’ৰেটৰীত কাম কৰি আহিছিল তাৰ উপযুক্ত তদন্ত কৰি বিহীত ব্যৱস্থা লোৱাৰ লগতে গোলাঘাট নাৰ্ছিং হোম কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বৰ বাবেও অতিৰিক্ত উপায়ুক্তক দাবী জনায়। গোলাঘাট নাৰ্ছিং হোমৰ ভিতৰত থকা ৰোগী, প্ৰসূতি, শিশুসকলক সুৰক্ষা দিয়াৰ লগতে জিলাখনত গণ সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৱস্থা ল’বৰ বাবে আহ্বান জনায় গোলাঘাট ছাত্র সন্থাই। জিলাখনৰ বিভিন্ন স্থানত চেনিটাইজেচনৰ ব্যৱস্থা কৰিবৰ বাবেও দাবী জনায় প্ৰশাসনক।

গোলাঘাটত কভিড সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাত চেম্বাৰছ অব কমাৰ্চৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।  গোলাঘাট নগৰত বজাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নতুন নিয়ম বান্ধি দিলে চেম্বাৰছ অব কমাৰ্চে । ১৯ জুনৰ পৰা পূৱা ৯ বজাত ব্যৱসায়িক প্ৰতিষ্ঠান তথা বজাৰ খুলিব আৰু সন্ধ্যা ৯ বজাত বন্ধ কৰিব লাগিব। গোলাঘাট ইউনাইটেড চেম্বাৰছ অব কমাৰ্চ আৰু অসম চেম্বাৰ্ছ অৱ কমাৰ্চ গোলাঘাট সমিটিৰ এই  সিদ্ধান্ত ।