Local, Vocal, Global

আগন্তুক ২৪ ঘণ্টাত ৰাজ্যত হ’ব প্ৰবল বৃষ্টিপাত

203

আগন্তুক ২৪ ঘণ্টাত অসমত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা ।
এই তথ্য প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ সমান্তৰালকৈ মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ  বিভিন্ন অঞ্চলত অহা ২৪ ঘণ্টাৰ ভিতৰত হ’ব বৃষ্টিপাত।
বিগত কেইবাদিনো ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন ৰাজ্যত  প্ৰবল বৃষ্টিপাত হৈ আছে। এই বৃষ্টিপাতৰ ফলত  বহু নদী ফেনে–ফোটোকাৰে বাঢ়ি অহাত ঠায়ে ঠায়ে সৃষ্টি হৈছে বানপানী ।