Local, Vocal, Global

আপুনি তপা নেকি? হয় যদি কৰ’নাৰ বিপদ বেছি!

তপা লোকৰ বাবে দুখবৰ৷ যিসকলৰ মূৰত চুলি নাই বা দুডালমানহে আছেগৈ তেওঁলোকৰ বাবে এই খবৰ ৷ আমেৰিকাত চলা এক গৱেষণাৰ শেহতীয়া তথ্য মতে তপা মানুহ কৰ’নাত আক্ৰান্ত হ’লে তেওঁলোকৰ বিপদ আনতকৈ বেছি৷ কেশহীনতা আৰু কৰ’নাক লৈ চলা গৱেষণাত পোহৰলৈ আহিছে যে কেশহীনতা কৰ’নাৰ ক্ষেত্ৰত এক ৰিক্স ফেক্টৰ বুলি ধৰিব পাৰি৷ শেহতীয়া গৱেষণাত পোহৰলৈ অহা এই তথ্যকে নাম দিয়া হৈছে ‘গেবৰিন লক্ষণ’৷ কভিদ-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা আমেৰিকাৰ প্ৰথমজন চিকিৎসক ডাঃ ফ্ৰেঙ্ক গেবৰিনৰ নামেৰে এই নামকৰণ৷ কিয়নো গেবৰিনও আছিল এজন তপা ব্যক্তি৷

২০১৯ ৰ ডিচেম্বৰত চীনৰ য়ুহানৰ পৰা আৰম্ভ হোৱা কৰ’নাৰ সংহাৰত প্ৰাণ হেৰুওৱা লোকৰ তথ্য বিশ্লেষণ কৰি পোৱা গৈছে যে মৃত লোকৰ মাজত তপা লোকৰ সংখ্যাই সৰ্বাধিক৷ দ্যা টেলিগ্ৰাফ কাকতত এই গৱেষণাৰে জড়িত ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰ্লোচ ৱামবিয়াৰ মন্তব্য ‘আমি প্ৰায় নিশ্চিত যে কেশহীনতা কৰ’না আক্ৰান্তৰ বিপদ সংকুলতাৰ অন্য এক কাৰক৷’

গৱেষণাৰ তথ্য মতে ইয়াৰ মূল কাৰণ হ’ব পাৰে এন্ড্ৰোজেন জাতীয় পুৰুষ হৰমন৷ এই হৰমণে কেৱল চুলি সৰাৰ আঁৰতে ক্ৰিয়া নকৰে যিকোনো লোকৰ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ শক্তিও হ্ৰাস কৰে৷ কৰ’নাত আক্ৰান্ত আৰু মৃতৰ বেলিকা মহিলাতকৈ পুৰুষৰ সংখ্যা অধিক৷ ইয়াৰ আঁৰতো হৰমণৰ ক্ৰিয়া-প্ৰক্ৰিয়া বুলি ধাৰণা কৰা হৈছে৷ এটা গৱেষণাত দেখা গৈছে যে স্পেইনৰ মাদ্ৰিদৰ চিকিৎসালয়ত ভৰ্তি হোৱা ১২২ জন ৰোগীৰ ৭৯ শতাংশই আছিল তপা৷ আন কেবা ঠাইতো অনুৰূপ তথ্য পোৱা গৈছে৷

গতিকে যদিহে আপুনি তপাৰ শাৰীত পৰে তেন্তে কভিদ-১৯ ৰ পৰা বাচি থাকিবৰ বাবে অধিক সতৰ্ক হওক৷