Local, Vocal, Global

হাজোত গৰু চোৰৰ সন্ত্ৰাস

লকডাউনৰ সময়ছোৱাতে কামৰূপৰ হাজোত অব্যাহত আছে গৰু চোৰৰ দপদপনি। যাৰ পৰিপ্ৰেক্ষিতত হাজোৰ আদালতৰ সমীপত নিশা সংঘটিত হয় এক ভয়ংকৰ পৰিস্থিতি। নিশা গৰু চোৰৰ দলৰ সৈতে হাজো আৰক্ষী তীব্ৰ খেদা খেদিত লিপ্ত হয়। Mahindra Quanto গাড়ী লৈ অহা গৰু চোৰৰ গাড়ীৰ ভিতৰত আছিল তিনিটা গৰু। আনহাতে নিশা আৰক্ষীৰ গাড়ী দেখিয়েই পলাবলৈ চেষ্টা কৰা গৰু চোৰৰ গাড়ীলৈ আৰক্ষীৰ গুলিবৰ্ষণ কৰে। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে  Mahindra Quanto (AS 01 BJ 5683 )গাড়ীৰ লগতে গাড়ীৰ ভিতৰত থকা তিনিটা গৰু জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে জাকিৰ আলী নামৰ কুখ্যাত গৰু চোৰটোক। লকডাউন ৰ এই সময়ছোৱাত হাজোত গৰু চোৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল যাৰ ফলত একেই নিশাই হাজো আৰক্ষীৰ আন এক অভিযানত দলৈতোলাৰ পৰা আন দুটা চুৰি গৰু উদ্ধাৰ হয়। ইতিমধ্যে হাজো আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।