Local, Vocal, Global

কাৰাগাৰত কাল কৰ’নাৰ কঁপনি, গুৱাহাটীৰ পৰা বহু কয়দীক স্থানান্তৰ

সুউচ্চ প্ৰাচীৰ, লৌহ কপাতেও ৰুদ্ধ কৰিব পৰা নাই কাল কৰ’নাৰ সংক্ৰমণৰ গতি৷ এতিয়া কাল কৰ’নাই কঁপাইছে কাৰাগাৰ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত হাহাকাৰ পৰিস্থিতি৷ যোৱা ৪ জুনত এজন কয়দীৰ দেহত কভিদ-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদ কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছিল৷ লগে লগে বন্দী কয়দীসকলক বিভিন্ন স্থানৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল৷ শেহতীয়াকৈ তেজপুৰ, নলবাৰী আৰু নগাঁৱৰ কাৰাগাৰলৈ অব্যাহত ৰৈছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বন্দীৰ স্থানান্তৰ প্ৰক্ৰিয়া৷ বুধবাৰে সন্ধিয়াও গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কেইবাজনো বন্দীক নিয়া হৈছে তেজপুৰলৈ৷ স্মৰ্তব্য যে যোৱা ১ জুনক দিছপুৰ থানাৰ আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পিছতেই তেওঁৰ শৰীৰত কভিদ-১৯ পজিটিভ ধৰা পৰিছিল৷ তাৰ পিছৰে পৰাই ৰাজ্যৰ কাৰাগাৰে কাৰাগাৰে অব্যাহত কাল কৰ’নাৰ ত্ৰাস৷