Local, Vocal, Global

পেট্ৰ’ল-ডিজেলৰ বজাৰত জুই

কেৱল বাঘজানৰ তেলখাদতেই নহয়, জুই ৰাজ্যৰ ইন্ধনৰ বজাৰতো৷ কৰ’নাৰ ত্ৰাস আৰু লকডাউনে স্তব্ধ কৰা ৰাজ্যৰ বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ দাম৷ ধাৰাবাহিকতাৰ দিশেৰে চাবলৈ গ’লে আজি পঞ্চমদিনাও গ্ৰাহকে পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিবলগীয়া হৈছে বৰ্ধিত মূল্যত৷ আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম বৃদ্ধি পালে ৬০ পইচাকৈ৷ ঠিক একেদৰে প্ৰতিলিটাৰ ডিজেলৰো দাম ৬০ পইচাকৈ বৃদ্ধি পাইছে৷