Local, Vocal, Global

ঢকুৱাখনাত চিআইএছএফ জোৱান বলৰাম সিং গুজ্জৰ অকাল বিয়োগ

কভিড-১৯ৰ সময়খিনিত ঢকুৱাখনা হাৰ্হি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰটো  কৰ্মৰত চিআইএছএফ জোৱান বলৰাম সিং গুজ্জৰ অকাল বিয়োগ৷

ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদস্থিত সেনা চাউনিত কৰ্মৰত চিআইএছএফৰ ৩০২নং কোম্পানীৰ হেড কনিষ্টবল বলৰাম সিং গুজ্জৰ(৫২)ৰ দেওবাৰে দুপৰীয়া আকস্মিকভাৱে বিযোগ ঘটে ৷ ৫২ বছৰীয়া গুজ্জৰয়ে শিবিৰত থকা অৱস্থাত হৃদজনিত ৰোগত অসুস্থতা অনুভৱ কৰাত চিকিৎসা গ্ৰহণ কৰি আছিল ৷ দুপৰীয়া জোৱানজনৰ ৰক্তচাপ দ্ৰুতভাৱে বৃদ্ধি পাই গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পিছত চিআইএছএফৰ সতীৰ্থ জোৱানসকলে সন্মুখত থকা ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে মৃত বলৰাম সিঙৰ ঘৰ আছিল ৰাজস্থানৰ ভৰতপুৰ জিলাত। ইপিনে গুজ্জৰে যোৱা ৪ মাহ ধৰি ঢকুৱাখনা সেনা শিবিৰত থাকি সেৱা আগবঢ়াই থকাৰ উপৰি ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ দায়িত্বতো নিয়োজিত আছিল৷ সৰ্তীৰ্থ জোৱানজনৰ আকস্মিক বিয়োগৰ খবৰ পাই মৰ্মাহত হৈ পৰিছে শিবিৰটোত কৰ্মৰত নিৰাপত্তা বাহিনীৰ বিষয়া-জোৱানৰ লগতে ঢকুৱাখনাবাসী৷ বলৰাম সিং গুজ্জৰৰ আত্মৰ সদগতিৰ কামনাৰে আজি ঢকুৱাখনাত স্থানীয় কেইজনমান যুৱকৰ প্ৰচেষ্টাত আৰু চিআইএছএফৰ জোৱানসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনাৰ লগতে বন্তি প্ৰজ্বলনেৰে শ্রদ্ধাঞ্জলি জনায়৷

দেওবাৰে ঘটনাস্থলীত ঢকুৱাখনাৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মহকুমা অসামৰিক চিকিৎসালয়ৰ কভিড-১৯ বিভাগৰ দায়িত্বত থকা চিকিৎসকে মৃত বলৰামৰ স্বোৱাব সংগ্ৰহ কৰাৰ পিছতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷