Local, Vocal, Global

দৰগাহ দৰ্শন কৰিবলৈ গৈ উভতি নাহিল একেটা পৰিয়ালৰ ৬ জনকৈ সদস্য

নিউজ ডেস্ক, ৫ আগষ্ট : দৰগাহ দৰ্শন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল এটা পৰিয়াল। ঘৰলৈ ওভতাৰ পথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যই।


খবৰ অনুসৰি, এখন চাৰিচকীয়া বাহন আৰু এখন মালবাহী ট্ৰাকৰ মাজত সংঘটিত হোৱাৰ মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় একেটা পৰিয়ালৰ এগৰাকী মহিলা আৰু এটি ৬ মহিয়া শিশুসহ ৬ জন লোক। আনহাতে, দুৰ্ঘটনাত আহত হয় এটা শিশু।


তেলেংগনাৰ কোদাংগলৰ জাথলাপল্লী গাঁৱৰ এটা দৰগাহ দৰ্শন কৰি য়াদগীৰলৈ উভতি আহি থকা অৱস্থাত আৰাকেৰা গাঁৱৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু ঘটে ৪ জন লোকৰ

আনহাতে আহত ৩ জনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও তাৰো দুজনক চিকিৎসকে মৃত ঘোষণা কৰে।

নিহত সকলক ৰাইছুল জিলাৰ হুট্টী গাঁৱৰ বাসিন্দা মহম্মদ নাজাৰ হুছেইন (৭৬), তেওঁৰ পত্নী নুৰজাহান বেগম (৭০), পুত্ৰ ৱাজিদ হুছেইন (৩২), বোৱাৰী হিনা ৱাজিদ হুছেইন (৩০), নাতিনী উমেজা (৬ মাহ) আৰু ইমৰান (২২) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে দুৰ্ঘটনাত নিহত হোৱা ৱাজিদ হুছেইনৰ তিনি বছৰীয়া পুত্ৰ ফাজিল হুছেইনক বৰ্তমান কালাবুৰগীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

পৰৱৰ্তীসময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ সমূহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।