Local, Vocal, Global

‘আজাদী কা অমৃত মহোৎসৱ’

নিউজ ডেস্ক, ৫ আগষ্ট : ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ ( Archaeological Survey of India , ASI) ৰ দ্বাৰা সুৰক্ষিত সকলো স্মৃতিস্তম্ভ আৰু স্থানত আজিৰ পৰা (শুক্ৰবাৰে)পৰৱৰ্তী ১০ দিনৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰিছে।

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ এক চৰকাৰী নিৰ্দেশ অনুসৰি, ASIৰ অধীনত থকা স্মৃতিস্তম্ভ সমূহলৈ সকলো ভাৰতীয় নাগৰিকৰ লগতে বিদেশী দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এক টুইটযোগে কয়, “আজাদী কা অমৃত মহোৎসৱ’ আৰু ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে ৫-১৫ আগষ্ট, ২০২২ তাৰিখৰ পৰা সমগ্ৰ দেশৰ ইয়াৰ সকলো সুৰক্ষিত স্মৃতিস্তম্ভ/স্থানলৈ দৰ্শনাৰ্থী/পৰ্যটকৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰি তুলিছে।”

দেশখনত ৩,৬০০ ৰো অধিক ASI-সুৰক্ষিত স্মাৰক আছে, যাৰ ভিতৰত ১৯ খন ৰাজ্যৰ ১১৬ টা স্মাৰক টিকট কৰা হৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশত ১৭ টা, মহাৰাষ্ট্ৰত ১৬ টা, কৰ্ণাটকত ১২ টা, দিল্লীত ১০ টা, মধ্য প্ৰদেশত আঠটা, তামিলনাডুত সাতটা আৰু গুজৰাটত ৬ টা আছে ।