Local, Vocal, Global

Parliament Monsoon Session: আজি ৰাজ্যসভাত উত্থাপন হ’ব ছয়খন বিধেয়ক

নেশ্যনেল ডেস্ক,৯জুলাই : আজি ৰাজ্যসভাত ছয়খন বিধেয়ক উত্থাপন কৰিব। কেন্দ্ৰীয় চৰকাৰে বিবেচনা আৰু গৃহীত কৰাৰ বাবে বুধবাৰে এই বিধেয়ক উত্থাপন কৰিব (Six Bills to be listed in Rajya Sabha today)।

এই বিধেয়ক ভিতৰত আছে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০২৩ । ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০২৩ বিধেয়কখন যোৱা সপ্তাহত উত্থাপন কৰা হৈছিল যদিও ইয়াক লৈ বিৰোধীয়ে তীব্ৰ বিৰোধিতা কৰিছিল । ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক,২০২৩ য়ে এফালে নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য আনফালে ডাটা ফিডুচিয়েৰীৰ আইনগতভাৱে সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰাৰ বাধ্য বাধকতাবোৰ নিৰ্ধাৰণ কৰে । এই বিধেয়কখন ডাটা অৰ্থনীতিক কেন্দ্ৰ কৰা নীতিৰ ওপৰত আধাৰিত(Parliament Monsoon Session) ।

ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০২৩ বিধেয়কখনৰ গুৰুত্ব হল ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলক অনলাইন পৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰা আৰু এক সুৰক্ষিত আৰু বিশ্বাসযোগ্য পৰিৱেশ সৃষ্টি কৰা ।বুধবাৰৰ দিনটোৰ বাবে ৰাজ্যসভাত তালিকাভুক্ত কাৰ্যক্ৰম অনুসৰি ৰাজ্যসভাত চৰকাৰে ছয়খন বিধেয়ক উত্থাপন কৰিব(Six bills including personal data protection bill listed in Rajya Sabha today) ।

আজি ৰাজ্যসভাত ফাৰ্মাচী (সংশোধনী) বিধেয়ক, ২০২৩; ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক,সংবিধান (অনুসূচিত জাতি) আদেশ (সংশোধনী) বিধেয়ক,২০২৩; উপকূলীয় একুৱাকালচাৰ কৰ্তৃপক্ষ (সংশোধনী) বিধেয়ক, ২০২৩; ২০২৩; অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন বিধেয়ক, ২০২৩ আৰু বাতিল আৰু সংশোধনী বিধেয়ক, ২০২৩ হৈছে ৰাজ্যসভাত চৰকাৰে বুধবাৰে উত্থাপন কৰিবলগীয়া বিধেয়ক ।

উল্লেখ্য যোগ্য যে ৰাজ্যসভাত ২৪৫ খন আসন আছে মুঠ । ২৪৫ খন আসন ভিতৰত 8 খন খালী হৈ আছে বৰ্তমানেও । ৰাজ্যসভাত বৰ্তমানৰ শক্তি ২৩৭ । সেয়েহে উচ্চ সদনত বিধেয়ক এখন গৃহীত হ’বৰ বাবে সংখ্যাগৰিষ্ঠতা হ’ব ১১৯খন ।আজি সদনৰ মজিয়াত ৰণনীতি প্ৰস্তুত কৰিবলৈ সংসদৰ ৰাজ্যসভাৰ বিৰোধী কাৰ্যালয়ত পুৱা ১০ বজাত অনুষ্ঠিত হয় ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলৰ বৈঠক অনুষ্ঠান(Six Bills to be listed in Rajya Sabha today) ।

আনহাতে, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিং,শিক্ষা মন্ত্ৰালয়ৰ অন্নপূৰ্ণা দেৱী, গৃহ মন্ত্ৰালয়ৰ নিত্যানন্দ ৰায়, সহযোগিতা মন্ত্ৰালয়ৰ বি এল বাৰ্মা, শিক্ষা মন্ত্ৰালয়ৰ সুভাষ সৰকাৰে আৰু গৃহ মন্ত্ৰালয়ৰ অজয় কুমাৰ উচ্চ সদনৰ মেজত কাকতসমূহ ৰাখিব ।

লগতে পঢ়ক :Opposition no-confidence motion in Lok Sabha : মুহূৰ্ততে সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিল সাংসদ গৌৰৱ গগৈ