Local, Vocal, Global

Opposition no-confidence motion in Lok Sabha : মুহূৰ্ততে সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিল সাংসদ গৌৰৱ গগৈ

নিউজ ডেস্ক, ৯ আগষ্ট : বৰ্তমান সময়ত সামাজিক মাধ্যমত প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে গোৰৱ গগৈ (Opposition no-confidence motion in Lok Sabha) । কোন দলৰ সেইটো ডাঙৰ কথা নহয় । দিল্লীৰ সাংসদ কপাঁই তুলিলে গোৰৱ গগৈয়ে । তেওঁৰ ভাষণত নিশ্চুপ শাসক বিৰোধী সকলো ।

মঙলবাৰে বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক লৈ সংসদত আলোচনা আৰম্ভ হয় (No confidence motion in Parliament)। আলোচনাৰ আৰম্ভণিতে বক্তব্য ৰাখে সাংসদ গৌৰৱ গগৈয়ে(MP Gaurav Gogoi speech on the no Confidence Motion in Parliament)।

পিতৃৰ পদাংক অনুসৰণ কৰি ২০১৪ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কলিয়াবৰৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা কংগ্ৰেছৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে সংসদৰ অনাস্থা প্ৰস্তাৱত বলিষ্ঠ ভাষণেৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে (MP Gaurav Gogoi speech on the no Confidence Motion in Parliament) ।

মণিপুৰক লৈ বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ সময়ছোৱাত সদনত সাংসদগৰাকীৰ বলিষ্ঠ কণ্ঠই ব্যাপক চৰ্চা লাভ কৰিছে অসমৰ সামাজিক মাধ্যমত। বিষয়টোৰ বাবে লাভ কৰা মাত্ৰ ডেৰ ঘণ্টা সময়তে সাংসদগৰাকীয়ে অতি সুন্দৰকৈ নিজৰ মত উপস্থাপন কৰে।

সাধাৰণতে অসমৰ সাংসদৰ হিন্দী দুৰ্বল বুলি সমালোচনা হয় যদিও এইক্ষেত্ৰতো গৌৰৱ গগৈ ব্যতিক্ৰম । সাৱলীল হিন্দীৰে সদনৰ বিতৰ্কত ভাগ লোৱা গৌৰৱ গগৈয়ে মণিপুৰৰ বিষয়টোক লৈ সদনত লোৱা বলিষ্ঠ ভূমিকাক প্ৰশংসা কৰিছে বহুজনে।

অসমৰ সাংসদৰ নীৰৱতাই প্ৰায়ে ৰাইজক ক্ষুব্ধ কৰা সময়ছোৱাত কলিয়াবৰৰ সাংসদগৰাকীয়ে সদনত লোৱা স্থিতিক সামাজিক মাধ্যমত শলাগিছে বহুজনে। উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ একমাত্ৰ পুত্ৰ গৌৰৱ গগৈয়ে একেৰাহে তিনিবাৰকৈ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছে।

লগতে পঢ়ক : Opposition no-confidence motion in Lok Sabha : মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা গৌৰৱ গগৈ