Local, Vocal, Global

North East BJP meet : ৩০০ৰো অধিক আসন লাভ কৰি পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী : হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ৯জুলাই : গুৱাহাটীৰ বাজপেয়ী ভৱনত নিৰ্বাচনী বৈঠক।আজি গুৱাহাটীস্থিত অসমৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে উত্তৰ-পূব বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈঠক(North East BJP meet)। এই বৈঠকত অংশগ্ৰহন অসমৰ মুখ্যমন্ত্ৰী,বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্য আৰু বিজেপিৰ বহু নেতা কৰ্মীৰ । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিজেপিৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠক নিৰ্বাচনক কেন্দ্ৰ কৰি আলোচনা হৈছে(North East BJP meet at vajpayee Bhawan at Guwahati )।

এই বৈঠকৰ পূৰ্বে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মণিপুৰৰ পৰিৱেশ, পৰিস্থিতি এতিয়া বিজেপিৰ অনুকুলে নাথাকিলেও ৰাজ্যখনৰ দুয়োখন লোকসভাৰ আসনতে বিজেপিয়েই জয়ী হ’ব ।

গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত নিজৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মণিপুৰৰ দুয়োখন আসনে আমি লাভ কৰিম। পৰিস্থিতি পৰিৱেশ এতিয়া আমাৰ অনুকুলে নাথাকিলেও আমি জয়ী হম। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমি ২৫খন আসনেই লাখ কৰিব লাগিব উত্তৰ–পূব NDAৰ মিত্ৰদলসমূহক লগত লৈ আমি আগবাঢ়িম ।যিবোৰ কঠিন সমষ্টি কঠিন, সেইবোৰত আমি বেছি আগ্ৰাসী হ’ব লাগিব(Himanta Biswa Sarma BJP meeting)।’’

ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে,১০০ বছৰ বিজেপিৰ বুলি কয় ২০২৪ ত ৩০০ৰো অধিক আসনদখল কৰি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ’ব বুলি কয় ।ইয়াৰেপৰি ১০আগষ্টত দিল্লীত অসমৰ সকলো মন্ত্ৰী,সাংসদৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলি জনাই।

লগতে পঢ়ক :Parliament Monsoon Session: আজি ৰাজ্যসভাত উত্থাপন হ’ব ছয়খন বিধেয়ক