Local, Vocal, Global

Physically Abled young Woman from Jamugurihat : ভৰিৰেই লিখি উত্তীৰ্ণ হ’ল উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত, পিতৃয়ে মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে সহায়

জামুগুৰিহাট, ৯ আগষ্ট : জামুগুৰিহাটৰ এগৰাকী শাৰিৰিক ভাবে বিশেষ সক্ষম যুৱতীয়ে ভৰিৰেই লিখি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয় (Physically Abled young Woman from Jamugurihat)।

বিশেষ ভাৱে সক্ষম আৰপ প্ৰতিভাৱান হোৱাৰ উপৰিও মানসিক ভাৱে সবল, দৃঢ় মনৰ অধিকাৰী হলেও আৰ্থিক দুৰ্বলতাৰ বাবেই স্হবিৰ হ’ব লগা হয় জীৱন ৷ তাৰ পাছতো কিন্তু মানসিক প্ৰফুল্লতাই মানুহক উৎফুল্লিত কৰি ৰাখে আৰু এই উৎফুল্লতাই জীৱনৰ মহৌষধ স্বৰূপ হৈ পৰে(cleared the higher and higher secondary examinations by writing her feet)।

জীৱন যুঁজত হাৰ নামানি মানসিকভাৱে শক্তিশালী আৰু দৃঢ় মনৰ অধিকাৰী হৈ আগবঢ়া মানেই জীৱন যুজঁত জয়ী হোৱা । তেনে এগৰাকী যুৱতী হৈছে ৰেণুকা ৰায়। জামুগুৰিহাটৰ বালিজুৰি ভানুপুৰ গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা থুলে ৰায় আৰু ঘন মায়া ৰায়ৰ একমাত্ৰ জীয়ৰী ৰেণুকা ৰায়। শাৰিৰীক ভাৱে বিশেষ সক্ষম এই গৰাকী যুৱতীয়ে নিজৰ ইচ্ছা শক্তি, দৃঢ় মন, আৰু মানসিক ভাৱে সবল হোৱা বাবে জীৱন যুজঁত জয়ী হৈছে ৷

১৯৯৫ চনত জন্মগ্ৰহণ কৰা এইগৰাকী যুৱতীয়ে ভৰিৰেই লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো উত্তীৰ্ণ হৈছিল এইগৰাকী দূৰ্ভগীয়া ৰেণুকাই ৷

কিন্তু আৰ্থিক দুৰ্বলতাৰ বাবেই উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ বৰ্তমান নিজ গৃহতেই বন্দীৰ দৰে জীৱন অতিবাহিত কৰিব লগীয়া হৈছে ৰেণুকা ৰায়। কেৱল আৰ্থিক দৈন্যতাৰ বাবেই প্ৰবল হেঁপাহ থকাৰ পাছতো উচ্চ শিক্ষাৰ পৰা বঞ্চিত যুৱতী গৰাকী । পিতৃৰ সামান্য উপাৰ্জনৰ বাবেই জীৱন যুঁজত থমকি ৰ’বলগীয়া হৈছে ৰেণুকা ৰায় ।

শাৰিৰিক ভাৱে বিশেষ সক্ষম যুৱতী গৰাকীৰ হৈ দূৰ্ভগীয়া পিতৃ থুলে ৰায়ে মূখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাক সহায় বিচাৰিছে ।

লগতে পঢ়ক : Encounter in Guwahati : চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, গুলীবিদ্ধ চোৰ হত্যাকাণ্ডৰেও জড়িতৰ অভিযোগ