Local, Vocal, Global

লকডাউনৰ বাবে থলুৱা জাপি শিল্পীৰ প্ৰতি ভাবুকি

বাৰিষা কালত অসমৰ কৃষকৰ অতি প্ৰয়োজনীয় সঁজুলি হল জাপি। লকডাউনৰ বাবে দৈনিক তথা সাপ্তাহিক বজাৰসমূহ বন্ধ থকাৰ বাবে সমস্যাত পৰিছে জাপি তৈয়াৰ কৰা একাংশ জাপি শিল্পী। কুটিৰ শিল্পৰে চহকী শিৱসাগৰ জিলাৰ বকতা ৷ বকতা অঞ্চলৰ গাঁওসমূহত বাহঁ-বেতেৰে তৈয়াৰ বিভিন্ন সা-সঁজুলিৰ ভিতৰত অন্য এক কুটিৰ শিল্প হ’ল জাপি৷ বকতাৰ পুৰণি নাথ গাঁৱৰ লগতে বিভিন্ন ঠাইত নিৰ্মাণ কৰা হয় ভিন্ন প্ৰকাৰৰ জাপি ৷ এই পুৰণি নাথ গাঁৱত পুৰুষ-মহিলা উভয়ে পাৰ্গত এই জাপি তৈয়াৰ কৰা কাৰ্যত ৷ গাঁওখনৰ ১৩০ ঘৰ লোকৰ ভিতৰত প্ৰায় ১০০ৰেই এই জাপি শিল্পই হৈছে তেওঁলোকৰ প্ৰধান জীৱিকা ৷ এই জাপি শিল্পৰ লগত অঞ্চলটোৰ পুৰুষ-মহিলা সকলো ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে৷ পিছে এইবাৰ লকডাউনৰ বাবে এই শিল্পীসকলৰ বাবে নামি আহিছে দুৰ্যোগ৷ অসমৰ ভিন্ন জিলালৈ প্ৰেৰণ কৰা এই থলুৱা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ নাই কোনো হাট-বজাৰ৷ লকডাউনৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ আছে সকলো বজাৰ ৷ জাপি বিক্ৰী কৰিবৰ বাবে স্থানীয় সাপ্তাহিক বজাৰখনো নাই৷ গতিকে ১৫০-২০০ টকা মূল্যৰ জাপি ৬০-৭০ৰ পৰা ১২০ টকাত বিক্ৰী কৰিব লগা হৈছে৷ যাৰ বাবে সমস্যাৰ সন্মখীন হ’ব লগাত পৰিছে। যুগ যুগ ধৰি জাপি নিৰ্মাণৰ লগত জড়িত লোকসকলে ব্যৱসায়িক দিশত উন্নয়নৰ বাবে লাভ কৰা নাই চৰকাৰী সহযোগিতা।