Local, Vocal, Global

ব্যৱসায়ীৰ পৰা ধন দাবী কৰি অৱশেষত আৰক্ষীৰ জালত ভুৱা আলফা

শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য৷ আৰক্ষীৰ জালত ৬জনীয়া ভুৱা আলফাৰ দল। আলফাৰ ৰূপ ধৰি দীৰ্ঘদিন ধৰি ব্যৱসায়ীৰ পৰা কৰি আহিছিল ধন দাবী। মঙলবাৰে নিশা শিৱসাগৰৰ ভটিয়াপাৰৰ পৰা আৰক্ষীয়ে আটক কৰে দলটোক। অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধন দাবীত ব্যৱহৃত ম’বাইল, লেপটপ, প্ৰিন্টাৰৰ লগতে ভালেকেইখন ধনদাবী পত্ৰ উদ্ধাৰ কৰিছে। আটকাধীন দলটোৰ সদস্যকেইজন হৈছে মানৱজ্যোতি মহন্ত,অমূল্য চাংমাই,মাধূর্য্য চেতিয়া,কৌস্তভ চেতিয়া, অৰ্জুন ভৰালী আৰু দীপাংকৰ দাস৷ শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাৰ নেতৃত্বত চলিছিল এই অভিযান।