Local, Vocal, Global

শিৱসাগৰত আবকাৰী বিভাগৰ সফল অভিযান

কৰ’নাৰ সংকটৰ মাজতে বৃহস্পতিবাৰে আবকাৰী বিভাগে শিৱসাগৰ জিলাত এক বৃহৎ সাফল্য লাভ কৰে। আবকাৰী আয়ুক্তালয়ৰ তৰফৰ পৰা প্ৰদান কৰা কঠোৰ নিৰ্দেশৰ পিছতে শিৱসাগৰ জিলাৰ আবকাৰী বিভাগে আবকাৰী অধীক্ষকৰ তদাৰকত এক অভিযান চলাই চুলাই মদ সহ অন্যান্য নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। আবকাৰী বিভাগে জনোৱা মতে, এই অভিযানকালত আবকাৰী বিভাগৰ দলটোৱে ৩০ লিটাৰ চুলাই মদ আৰু ২৩০ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী, ৩ বিধ চুলাই মদ প্ৰস্তুত কৰা যতন, ১০ কিলোগ্ৰাম পাচৈৰ লগতে ৮৮০০ কিলোগ্ৰাম লালি গুড় জব্দ কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে স্থানীয় থানাৰ আৰক্ষীয়ে এই লালিগুড় জব্দ কৰাৰ পিছত একাংশ লোকে শিৱসাগৰৰ আবকাৰী বিভাগে বিষয়টোক লৈ নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে আবকাৰী আয়ুক্তালয়ৰ তৰফৰ পৰা জিলাখনৰ আবকাৰী বিভাগক লালিগুড়ৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰে।

ইফালে, এনেধৰণৰ অবৈধ চুলাই মদৰ ব্যৱসায়ৰ লগতে অসমত যাতে অনাগত দিনত কোনো কাৰণতে অৰুণাচলৰ পৰা অবৈধভাৱে বিলাতী সুৰা আৰু বীয়েৰ অসমলৈ আহিব নোৱাৰে তাৰ বাবে প্ৰতিখন জিলাৰ আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক কঠোৰ হ’বলৈ আহ্বান জনাইছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। যদিহে কোনো আবকাৰী বিষয়া-কৰ্মচাৰীয়ে এই ক্ষেত্ৰত নিজৰ কৰ্তব্য সঠিকভাৱে পালন নকৰাৰ অভিযোগ পোৱা হয় তেন্তে তেনে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’বহ বুলিও সকীয়নি প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে।