কি হৈছে কৃষক নেতা অখিল গগৈৰ ?
‘কা’ আন্দোলনৰ অন্যতম নেতা অখিল গগৈ বিগত ৬ মাহ ধৰি কাৰাৰূদ্ধ । বিভিন্ন গোচৰৰ অধীনত কাৰাগাৰৰ বন্ধ কুঠৰীত আবদ্ধ কৃষক নেতা গৰাকী । অখিল গগৈসহ কাৰাগাৰত আবদ্ধ বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰো ।
শেহতীয়াকৈ কাল কৰ’নাৰ কৱলত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ থকা এই চাৰি সংগ্ৰামী নেতা । ইতিমধ্যে কাৰাৰূদ্ধ বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ আক্ৰান্ত হৈছে কৰ’নাত । অখিল গগৈৰ SWAB পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে যদিও MyNewsNE-য়ে বিশেষ সুত্ৰে প্ৰাপ্ত তথ্য অনুসৰি দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছে কৃষক নেতা অখিল গগৈ ।
সম্প্ৰতি ৰাজ্যত অখিল গগৈৰ মুক্তিৰ দাবীত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ লগতে গঢ়ি উঠিছে জনমত । #releaseakhilgogoi #justiceforakhilgogoi আদি হেজটেগৰে সামাজিক মাধ্যমত আৰম্ভ হৈছে জনমত । ৰাজ্যৰ সাংবাদিক , ছাত্ৰ সমাজ , বুদ্ধিজীৱিকে আদি কৰি বহুতে অংশগ্ৰহন কৰিছে এই জনমতত । একাংশই অখিল গগৈ শাসনাধিস্থ চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী উত্থাপন কৰিছে ।