Website Design: dastechnologies.in
কলগাছিয়াৰ ৰূপসী ব্ৰেট এণ্ড বিস্কুট বেকাৰীত ভয়াৱহ অগ্নিকাণ্ড।
ভস্মীভূত দুটা পৰিয়ালৰ তিনিটা ঘৰ।
নগদ ধন সহ ২২ লক্ষাধিক টকাৰ ক্ষতি সাধন।

শুকুৰবাৰে পুৱতি নিশা কলগাছিয়াত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। বৰপেটা অসামৰিক চিকিৎসালয়ৰ কাষতে লাগি থকা শ্বহিদুল ইছলামৰ ৰূপসী ব্ৰেট এণ্ড বিস্কুট বেকাৰীত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণ বেকাৰীৰ লগতে এটা ডিজি, স্পাইৰো মেচিন, মিস্কাৰ মেচিন, ছুগাৰ গ্ৰান্টাৰ মেচিন সহ সমগ্ৰ আচবাব পত্ৰ ভস্মীভুত হয়। এই অগ্নিকাণ্ডৰ ফলত বেকাৰীটোৰ নগদ চল্লিশ হাজাৰ টকা সহ ২২ লক্ষাধিক টকাৰ ক্ষতি হয়। লগতে ওচৰতে থকা মফিদুল ইছলামৰ দুটা ঘৰ কথমপি ৰক্ষা পৰে। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।