Local, Vocal, Global

শিৱসাগৰ আৰক্ষীৰ জালত জুৱা খেলৰ বৃহৎ চক্ৰ

শিৱসাগৰ আৰক্ষীৰ জালত জুৱা খেলৰ এক বৃহৎ চক্ৰ৷ আটক ৬ জুৱাৰী৷ বৃহস্পতিবাৰে নিশা শিৱসাগৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক আৰু শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই নগৰৰ মাজমজিয়াৰ গায়ন গাঁৱৰ এঘৰ মানুহৰ ঘৰত জুৱা খেল চলি থকা অৱস্থাৰ পৰাই আটক কৰে ৬টাকৈ জুৱাৰীক৷ লগতে উৎখাত কৰে জুৱা খেলৰ চক্ৰটো৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে জুৱাৰীকেইটাৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় কেইবালক্ষাধিক জুৱাৰ খেলৰ সামগ্ৰী৷ আটক কৰা আটাইকেইটা জুৱাৰীয়ে শিৱসাগৰৰ আগশাৰীৰ ব্যৱসায়ী৷ জুৱাৰী ব্যৱসায়ীকেইটা হৈছে ক্ৰমে অমৃত গোৱেল, ৰাজেশ জৈন, পৱন ৰাথি, মনো দগ্গা, প্ৰকাশ আগৰৱালা আৰু সন্তুোষ কয়েল৷