Local, Vocal, Global

খুলিব কি ? বন্ধ কি ? কি নিয়ম আছে এইবাৰৰ লকডাউনত

NHM-ৰ কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপুৰ্ণ ঘোষণা ।  ২৮ জুনৰ পৰা ১২ জুলাইলৈ মহানগৰীত ১৪ দিনীয়া লকডাউন । মহানগৰীত কৰ’নাৰ ভয়াবহতা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰ এই কঠোৰ সিন্ধান্ত ।

উল্লেখযোগ্য যে ১৫ জুনৰ পৰাই মহানগৰীৰত ৭৬২ জনকৈ লোক আক্ৰান্ত হৈছে কৰ’নাত । বৃহস্পতিবাৰৰ দিনটোত ১৩৩ গৰাকীকৈ আক্ৰান্ত হৈছিল কৰ’নাত । মহানগৰীত ভয়ংকৰ হাৰত বৃদ্ধি পোৱা কৰ’না সংক্ৰণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহন কৰিলে লকডাউনৰ সিন্ধান্ত ।

ফাৰ্মাচী হাস্পতালৰ বাহিৰে বন্ধ থাকিব সকলো দোকানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয় । বন্ধ থাকিব ৱাইন শ্বপ।বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী বাহনৰ চলাচল । খোলা নাথাকিব মাছ-মাংসৰ দোকান । মহানগৰীত সামাজিক সংক্ৰংমণ ৰোধ কৰা বাবে ৰাজ্য চৰকাৰ এই প্ৰয়াস ।

জুন মাহত মন্দিৰ-মহজিদকে আদি কৰি ধৰ্মীয় অনুষ্ঠান সমুহত শিথিলতা প্ৰদান কৰিছিল যদিও পুনৰ ১৪ দিনলৈ মহানগৰীত বন্ধ থাকিব ধৰ্মীয় উপাসনাস্থলী সমুহ ।

প্ৰথম-দ্বিতীয় পৰ্যায়ৰ লকডাউনতকৈও কঠোৰ হ’ব এইবাৰৰ লকডাউন । এইবাৰৰ লকডাউনত জাৰি নহয় কোনো বিশেষ পাচৰ ।  কেবল এয়াৰ ছাৰ্ভিচ, আৰক্ষী, বিদুৎ বিভাগৰ লগতে সংবাদ মাধ্যমৰ কৰ্মাচাৰী বাবে থাকিব ৰেহাই । কম সংখ্যক কৰ্মচাৰীৰে খুলিব পাৰিব বেংকৰ লগতে খোলা থাকিব ATM

প্ৰথম সাত দিনত অধিক কঠোৰ হ’ব লকডাউন । বিনা কাৰণত ৰাইজক বাহিৰত ওলাই নাহিবলৈ স্ৱাস্থ্যমন্ত্ৰীৰ আহ্বান । কিন্তু দ্বিতীয় সপ্তাহত কিছু পৰিমাণে শিথিল হ’ব পাৰে লকডাউন ।

সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ  সমগ্ৰ অসমত বলবৎ হ’ব সান্ধ্য আইন । ৰাজ্যত কৰ’না আক্ৰান্ত দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগে-লগে অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ ।

  নগৰ সমিতি আৰু পৌৰ সভা অঞ্চলত প্ৰযোজ্য হ’ব WEEKEND LOCDOWN । প্ৰতি শনিবাৰ-ৰবিবাৰে নগৰ সমিতি আৰু পৌৰ সভা অঞ্চলত বন্ধ থাকিব ।  উক্ত সময়চোৱাত বন্ধ থাকিব থাকিব ফাৰ্মাচীৰ বাহিৰে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান । এইবাৰৰ লকডাউনৰ পৰা বাদ পৰিব গ্ৰাম্যাঞ্চল ।

 

 

ৰাজ্যত কৰ’না পৰিস্থিতি উন্নত নোহোৱালৈকে বাহাল থাকিব এই নিয়মৰ ।