Website Design: dastechnologies.in
চৰাইদেউ জিলাৰ শিক্ষা, সাহিত্য, সমাজ তথা সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষ অৱদান থকা চৰাইদেউৰ সোণাৰিৰ ভজো নিৱাসী শিক্ষাবিদ, সাহিত্যিক ডিম্বেশ্বৰ গগৈক আজি সম্বৰ্দ্ধনা জনাই টিম চে-ৰাই-ডয় নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশিষ্ট ব্যক্তি গৰাকীৰ নিজা বাসভৱনত অনানুষ্ঠানিক ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে টিম চে-ৰাই-ডয়ৰ তৰফৰপৰা। উল্লেখ্য যে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হোৱাৰ উপৰিও সমাজ, সংগঠন, সাহিত্য চৰ্চা তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াই আহিছে ডিম্বেশ্বৰ গগৈয়ে। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা গগৈয়ে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ শিল্পী হিচাপেও পৰিচিত। বৃহত্তৰ সোণাৰি অঞ্চলৰ বহুতো শিক্ষা প্ৰতিষ্ঠান স্থাপনত বিশেষ অৱদান থকা এইগৰাকী ব্যক্তিক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা অনুষ্টুপীয়া অনুষ্ঠানটোত টিম চে-ৰাই-ডয়ৰ সদস্যসকলে । এই অনুষ্ঠানতে ”চৰাইদেউ জিলাৰ ঐতিহাসিক সমলসমূহ আৰু আমি ” নামৰ তথ্যচিত্ৰ খনৰ দ্বিতীয় খণ্ডটো উন্মোচন কৰে ।