Website Design: dastechnologies.in
লংকাত ছীল হ’ল দুটাকৈ ডীলাৰ। ট্ৰেড লাইচেঞ্চ নোহোৱাকৈয়ে চলাই আহিচিল ব্যৱসায়।
হোজাই জিলাৰ লংকাত ছীল হ’ল দুটাকৈ গাড়ীৰ ডীলাৰ। ইন’ভেটেভ বাজাজ আৰু আকাশ হ’ণ্ডাই নামৰ দুই ডীলাৰক কৰিলে ছীল । হোজাই জিলাৰ পৰিবহন বিভাগে ছীল কৰে ডীলাৰ দুটা। ট্ৰেড লাইচেন্স নোহোৱাকৈয়ে ডীলাৰ দুটাই দীৰ্ঘদিনৰ পৰা চলাই আহিচিল ব্যৱসায়। তদুপৰি ডীলাৰ দুটাৰ নাছিল কোনো প্ৰয়োজনীয় নথি-পত্ৰ। জিলাখনৰ পৰিবহন বিষয়াৰ নেতৃত্বত এটি দলে অভিযান চলাই পৰিবহন আইনৰ অধীনত দুয়োটা ডীলাৰক ছীল কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখ্য যে,লংকা চহৰস্থিত ইন’ভেটেভ বাজাজ নামৰ ডীলাৰটোৱে দুচকীয়া বাহনৰ লগতে তিনিচকীয়া আৰু সামগ্ৰী কঢ়িওৱা গাড়ীৰ বিক্ৰি কৰি অহাৰ বিপৰীতে আকাশ হু’ণ্ডাই নামৰ ডীলাৰটোৱে চাৰিচকীয়া গাড়ী বিক্ৰীৰ লগতে গাড়ীৰ চাভিচিং চেন্টাৰো চলাই আহিচিল।