Local, Vocal, Global

এখন ধলং-পলং বাহৰ দলঙৰে যাত্ৰা ৰাইজৰ

পৰিৱৰ্তন হল চৰকাৰ, সলনি হল জনপ্ৰতিনিধি কিন্তু মৰাণৰ নাহৰণিত আজিও নহল পকী জৰাজীৰ্ণ বাঁহৰ দলং

মৰাণ বিধানসভা সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তত আজিও জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেদি যাতায়ত কৰিবলগীয়া হৈছে বহু কেইখন গাঁৱৰ ৰাইজে । পঞ্চায়তটোৰ অন্তৰ্গত ডিমৌ নদীৰ ওপৰত থকা ন-পথাৰ-কৰ্দৈগুৰি সংযোগী বাঁহৰ দলং, হুংহুঙীয়া-নাহৰণি সংযোগী দুহটীয়াৰ বাঁহৰ দলং আৰু তিলৈ নদীৰ ওপৰত থকা মাধকলি-দেওঁধাই সংযোগী বাহৰ দলঙৰ পুতৌ লগা দৃশ্য ।

নদীৰ বাঢ়নী পানীয়ে ওফন্দি থকা দলং কেইখনত যিকোনো সময় ঘটিব পাৰে অঘটন । পুৱাৰ পৰা সন্ধিয়ালৈকে ৰাইজে অতি বিপদজনক ভাবে দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ বাহৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰি আহিছে। মৰাণ বিধান সভা সমষ্টিত বহু বিধায়ক সলনি হ’ল কিন্তু নাহৰণি গাঁও পঞ্চায়তৰ এই বাহৰ দলং কেইখন আজিও নহ’ল পকীকৰণ । দল-সংগঠনেও এই বাহৰ দলঙৰ পৰিৱৰ্তন বিচাৰি বহু প্ৰতিবাদ কৰিলে, তথাপিও নহল পৰিবৰ্তন । মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই জৰাজীৰ্ণ বাহৰ দলং কেইখন পকীকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থা ।