Local, Vocal, Global

শিৱসাগৰত পুনৰ কৰ’নাত আক্ৰান্ত ৪ জন

শিৱসাগৰত পুনৰ ৪গৰাকীৰ দেহত  ধৰা পৰিছে কভিড-১৯ পজিটিভ ৷ আক্ৰান্ত ৪গৰাকী শেহতীয়াকৈ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আহিছিল। শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দ’লমুখ চাৰিআলিৰ এটা অংশ কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ আক্ৰান্ত ৪গৰাকীৰ ভিতৰত ৩গৰাকীৱেই দ’লমুখ চাৰিআলিৰ ব্যৱসায়ী ৷ আশীস আগৰৱাল আৰু অশোক আগৰৱাল হৈছে অৰুনছ নামৰ বস্ত্ৰ বিপনীখনৰ স্বত্ত্বাধিকাৰী৷ ইয়াৰ বিপৰীতে সৌৰভ খাণ্ডেলিয়া নামৰ ব্যৱসায়ীজন হৈছে হকিন্স নামৰ প্ৰতিষ্ঠানখনৰ স্বত্ত্বাধিকাৰী৷ আনহাতে আনজন আক্ৰান্ত হৈছে চূনপৰা পানীবিলৰ পংকজ দাস ৷ বৰ্তমান আটাইকেইজনকে স্থানান্তৰিত কৰা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আইছ’লেচন ৱাৰ্ডলৈ ৷ এই নতুনকৈ আক্ৰান্ত ৪গৰাকীক ধৰি শিৱসাগৰত মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ২১গৰাকী ৷