Local, Vocal, Global

মাৰ্ঘেৰিটা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত কৰ’না আতংক

অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ গাড়ীচালক দ্বীপেন দাসৰ দেহত ধৰা পৰে কভিড-১৯ পজিটিভ । ২ জুলাইৰ নিশা অহা ৰিপ’ৰ্টত এই তথ্য প্ৰকাশ। ৩ জুলাইত এই কথা সদৰী হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। দ্বীপেন দাস যোৱা ২৯ জুন আৰু ১ জুলাইত আদালতকক্ষলৈ আহিছিল। শনিবাৰে দ্বীপেন দাসৰ সংস্পৰ্শলৈ অহা ৪০গৰাকীৰো অধিকক দণ্ডাধীশৰ উপস্থিতিত স্ৱোৱাব টেষ্ট কৰা হয় আদালত চৌহদত। লগতে সকলোকে তিনিদিনৰ বাবে হোম কোৱাৰেণ্টিইনৰ নিদেৰ্শ দিয়ে প্ৰশাসনে।